২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটত ডাঙৰ ঘোষণা। বাজেটত নিৰ্বাচনৰ বাবে স্থগিত হৈ থকা বিভিন্ন কল্যাণমূলক আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ কথা উল্লেখ কৰে।

পুনৰ আগষ্ট মাহৰ পৰা নতুন ৰূপত আৰম্ভ হ’ব অৰুণোদয় আঁচনি। ইয়াৰোপৰি আগষ্টত আৰম্ভ হ’ব বন্ধ হৈ থকা ৰেচন বিতৰণ।

সেয়ে হিতাধিকাৰীক সেই মাহৰ পৰা প্ৰদান হ’ব দাইল, চেনি, নিমখ আৰু চাউল।

আগষ্ট মাহৰ পৰা প্ৰায় ৪০ লাখ মহিলা হিতাধিকাৰীয়ে পুনৰ মাহিলী অৰুণোদয়ৰ ধন লাভ কৰিব। ইয়াৰ লগতে বিধৱা পেঞ্চন আৰু শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন বিতৰণো চলি থাকিব।

অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা (PDS) ৰ অধীনত ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ৰেচন বন্ধ কৰা হৈছিল।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, PM কিষাণৰ অধিনত লাভ কৰিব ধন আৰু কৃষকক বছৰি ১১০০০ টকা প্ৰদান কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ










