অসম লাইভ ২৪ঃ ৰাজ্যত ১০০ টীকাকৰণ সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ৷ ‘ঘৰে ঘৰে পদাৰ্পণ’ শীৰ্ষক বিশেষ কাৰ্যসূচী হাতত লৈছে ৰাজ্য চৰকাৰে৷ এই কাৰ্যসূচীৰ অধীনত ৮ নবেম্বৰৰ পৰা ২৭ নবেম্বৰৰ ভিতৰত প্ৰতিখন জিলাৰ প্ৰত্যেক ভোটকেন্দ্ৰ এলেকাত ১০০ শতাংশ যোগ্যলোকক প্ৰতিষেধক প্ৰদান কৰিব৷ প্ৰথম পৰ্যায়ত প্ৰতিটো ভোটকেন্দ্ৰ এলেকাত স্বাস্থ্যকৰ্মী, আশাকৰ্মী, আংগনবাড়ী কৰ্মী, গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনীৰ সদস্যৰে গঠিত একোটাকৈ দলে ঘৰে ঘৰে গৈ জৰীপ ভিত্তিক প্ৰতিবেদন দাখিল কৰিব লাগিব৷ ইয়াৰ উপৰি দ্বিতীয় পৰ্যায়ত ২২ নবেম্বৰৰ পৰা ২৭ নবেম্বৰলৈ মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰী, বিধায়ক, সাংসদ, মুখ্যসচিবকে ধৰি আয়ুক্ত-উপায়ুক্ত আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ বিষয়াসকল প্ৰত্যেকেই কমেও এপালি প্ৰতিষেধক গ্ৰহণ কৰাটো সুনিশ্চিত কৰিব লাগিব৷ প্ৰতিটো ভোটকেন্দ্ৰ এলেকাত বাহৰ পাতিব লাগিব বিভাগীয় কৰ্মচাৰীয়ে৷ ৯ নবেম্বৰত সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ প্ৰতিগৰাকী বিষয়াক ‘ঘৰে ঘৰে পদাৰ্পণ’ কাৰ্যসূচীৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ