অসম লাইভ ২৪ঃ সোমবাৰৰ পৰা লামডিং সংৰক্ষিত বনাঞ্চলত আৰম্ভ হ’ব উচ্ছেদ অভিযান৷ কেইবাটাও পৰ্যায়ত চলিব এই উচ্ছেদ অভিযান৷ প্ৰথম পৰ্যায়ত উচ্ছেদিত হ’ব ৫০ হেক্টৰ ভূমি৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চলিব এই উচ্ছেদ অভিযান৷ ইতিমধ্যে বেদখলীকৃত অঞ্চলত সাজু হৈছে আৰক্ষী-প্ৰশাসন, বন বিভাগ আৰু স্থানীয় প্ৰশাসন৷ ৰোড মাৰ্শ্ব কৰি সজাগ কৰা হৈছে উচ্ছেদস্থলী, সাজু কৰি তোলা হৈছে সকলো ব্যৱস্থা৷ হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, উপায়ুক্ত অনুপম চৌধুৰীয়ে তদাৰক কৰিছে সমগ্ৰ দৃশ্য৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ