বৈদিক জ্যোতিষ অনুসৰি যেতিয়া কোনো গ্ৰহৰ গোচৰ হয় তাৰ ফলত কিছু যোগ আৰু কিছু অশুভ যোগৰ নিৰ্মাণ হয়৷ তাৰমাজতেই এটা হৈছে নীচভঙ্গ ৰাজযোগ৷ জ্যোতিষমতে নীচভঙ্গ ৰাজযোগ শক্তিশালী আৰু শুভ যোগ বুলি মনা হয়৷ যেতিয়া কোনো গ্ৰহই নিজৰ তলৰ ৰাশিত থাকে আৰু মজবুত অৱস্থাত বহি থাকে তেতিয়া এই যোগৰ নিৰ্মাণ হয়৷ দ্ৰিক পঞ্চাঙ্গ অনুসৰি নীচভঙ্গ ৰাজযোগ ১১ এপ্ৰিল ২০২৬ত তৈয়াৰ হব৷ যেতিয়া বুধে মীন ৰাশিত প্ৰৱেশ কৰিব৷ আনকি মীন ৰাশিত বুধ দুৰ্বল অৱস্থাত থাকে কিন্তু এই সময়ত মীন ৰাশিৰ স্বামী গ্ৰহ গুৰু কুণ্ডলীত কেন্দ্ৰ ভাৱত স্থিত থাকে৷ যাৰ প্ৰভাৱ অত্যন্ত শুভ আৰু কিছু ৰাশিৰ বাবে কেৰিয়াৰ, অৰ্থ আৰু সফলতা কঢ়িয়াই আনে৷ নীচভঙ্গ ৰাজযোগে কাৰ কাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব?
কুণ্ডলীৰ কেন্দ্ৰ ভাৱত স্থিত থাকে৷ যাৰ প্ৰভাৱ অত্যন্ত শুভ আৰু কিছু ৰাশিৰ বাবে কেৰিয়াৰ, অৰ্থ আৰু সফলতা কঢ়িয়াই আনিব পাৰে৷ নীচভঙ্গ ৰাজযোগত কাৰ কাৰ সৌভাগ্য বাঢ়িব?
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে এই যোগ লাভদায়ক হব পাৰে৷ আপোনাৰ ৰৈ থকা কাম সম্পূৰ্ণ হব৷ আৰ্থিক স্থিতি পূৰ্বতকৈ ভাল হব৷ চাকৰিয়াল মানুহে নতুন দায়িত্ব কান্ধপাতি লব পাৰে৷ পদোন্নতি সম্ভৱ৷ ব্যৱসায়ত ভাল লাভ হব৷ বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে এই সময়ত কেৰিয়াৰত বহু উচ্চস্থৰলৈ যাব৷ পৰিশ্ৰমৰ ভাল ফল পাব৷ কোনো পুৰণি কাজিয়াৰ সমাধান পাব৷ সম্পত্তি যেনে বাহন, ঘৰ ক্ৰয়ৰ সপোন পূৰ্ণ হব পাৰে৷ নতুন চাকৰি বা ডাঙৰ চুক্তি চূড়ান্ত হোৱাৰ আভাষ পোৱা হৈছে৷
মীন ৰাশি
মীন ৰাশিৰ বাবে এই যোগ কোনো বৰদানতকৈ কম নহয়৷ অংশীদাৰিত্বৰ কাম কৰা বা ব্যৱসায় কৰা লোকে সফলতা পাব৷ পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে৷ বিদেশত চাকৰি পোৱাৰ সপোন পূৰণ হব৷ প্ৰেমৰ সম্পৰ্ক আৰু স্বাস্থ্য ভালে থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















