মেষঃ পঢ়াশুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্ৰা কৰোতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ ৰঙ কমলা, শুভ সংখ্যা ৩।
বৃষঃ সামাজিক সুনাম হানি হোৱাৰ আশংকা। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰঙ নীলা। শুভ সংখ্যা ২।
মিথুনঃ সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব। ব্যৱসায় বাণিজ্যত নতুন প্ৰেৰণা লাভ কৰিব। বিদ্যাত জটিলতা দেখা যাব। সৰু-সুৰা ভ্ৰমণ আছে। শুভ ৰং বগা। শুভ সংখ্যা ১।
কৰ্কটঃ আৰ্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্ৰাপ্য ধন আদায় কৰিব। কৰ্মত সাফল্য আৰু মৰ্যাদা বৃদ্ধি পাব। প্ৰেমত বাধা। শুভ সংখ্য ৫। শুভ ৰং কমলা।
সিংহঃ যান-বাহন ব্যৱসায় কৰা সকলৰ অৰ্থলাভৰ যোগ। পাৰিবাৰিক শুভ। প্ৰিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰঙ ৰঙা। শুভ সংখ্যা ২।
কন্যাঃ পাৰিবাৰিক দিশত কোনো শুভ কাৰ্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত বেয়া দেখা নাযায়। বেচৰকাৰী চাকৰিয়াল সকলে কৰ্মক্ষেত্ৰত বাধা পাব পাৰে। শুভ ৰঙ বগা। শুভ সংখ্যা ৭।
তুলাঃ ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্ৰা কৰিব পাৰিব। পাৰিবাৰিক অশান্তি। বিবাহ বিচ্ছেদৰ যোগ। সন্তানৰ শুভ। শুভ ৰঙ হালধীয়া। শুভ সংখ্যা ৯।
বৃশ্চিকঃ অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্ৰীৰ মাজত মত্যনৈক্য। দুৰ্ঘটনাৰ যোগ। শুভ ৰঙ গুলপীয়া। শুভ সংখ্যা ৪।
ধনুঃ বন্ধু বৰ্গৰ লগত সু-সম্পৰ্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধি পাব। শুভ ৰঙ ৰঙা। শুভ সংখ্যা ৮।
মকৰঃ এই সময়ত লেন-দেনৰ কামত জড়িত নথকাই ভাল। কৰ্মচাৰীসকলৰ বাবে বিশেষ শুভ। বিদ্যাত যোগ বাঢ়িব। প্ৰেমত সমস্যাৰ সন্মুখীন হ’ব। শুভ ৰঙ ৰঙা। শুভ সংখ্যা ৬।
কুম্ভঃ ভাই-ভনীৰ পৰা সমাদৰ পাব। আৰ্থিক দিশত অশুভ। প্ৰেমত সতৰ্ক হওক। শৰীৰ ভালে নাথাকিব। বিদ্যাত বাধা। শুভ ৰঙ ৰঙা। শুভ সংখ্যা ৬।
মীনঃ ধনৰ অগমন হ’ব। যাত্ৰাত শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৩।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ