জ্যোতিষশাস্ত্ৰত চন্দ্ৰক অতি গুৰুত্বপূৰ্ণ গ্ৰহ বুলি বিবেচনা কৰা হয়৷ সম্প্ৰতি স্থান পৰিবৰ্তন কৰিছে চন্দ্রই৷ কৰ্কট ৰাশিত গমন কৰিছে চন্দ্ৰই৷ এই ৰাশিত মঙল আৰু চন্দ্ৰৰ মিলনত তৈয়াৰ হৈছে মহালক্ষ্মী ৰাজযোগ৷ যাৰপ্ৰভাৱ পৰিব ১২ ৰাশিৰ জাতকৰ ওপৰত৷ ২০ নৱেম্বৰত কৰ্কট ৰাশিত স্থান পৰিবৰ্তন কৰিব চন্দ্ৰই৷
২০ নৱেম্বৰৰ পুৱা ৮.৪৬ মিনিটত চন্দ্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ মঙলে ইতিমধ্যেই এই ৰাশিত অৱস্থান কৰিছে৷ ২২ নৱেম্বৰ পৰ্যন্ত চন্দ্ৰই মঙলত এযোগ ধৰি থাকিব৷ তেতিয়া পৰ্যন্ত চন্দ্ৰ আৰু মঙলৰ মিলনত মহালক্ষ্মী যোগ তৈয়াৰ হৈছে৷ এই যোগৰ শুভ প্ৰভাৱ পৰিব কোন কোন ৰাশিৰ জাতকৰ ওপৰত? জানি থওক সবিশেষ৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাই কঠোৰ পৰিশ্ৰম কৰি জীৱনত উন্নতি কৰিব৷ স্বাস্থ্য ভালে থাকিব৷ ঘৰত অৰ্থৰ প্ৰবাহ বাঢ়িব৷ ব্যৱসায়ত ভাল লাভ কৰিব পাৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকৰ জীৱনত নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ বৰ্তমান কৰ্মক্ষেত্ৰত বৃহৎ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷ শ্বেয়াৰবজাৰৰ পৰা হঠাৎ বৃহৎ লাভ কৰিব পাৰে৷ ব্যৱসায়ত আপুনি বৃহৎ চুক্তি কৰিব পাৰে৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাৰ আয়ৰ নতুন উৎস খুলিব৷ কামৰ বাবে আপুনি বাহিৰলৈ যাব পাৰে৷ কৰ্মক্ষেত্ৰত উন্নতি হ’ব৷ ঘৰত নতুন সম্পত্তি বা যানবাহন আহিব পাৰে৷ ভৱিষ্যতৰ বাবে অৰ্থ সঞ্চয় কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ