কেদাৰনাথ দৰ্শন আৰু নহ’ল৷ মন্দিৰত উপস্থিত হোৱাৰ পূৰ্বেই মাটি খহি মৃত্যু হ’ল কমপক্ষেও ৩গৰাকী তীৰ্থযাত্ৰীৰ৷ আহত হৈছে কেইবাজনো ব্যক্তি৷ দেওবাৰে পুৱাই এই ঘটনা সংঘটিত হৈছে কেদাৰনাথৰ পথত৷ খহি অহা মাটিৰ তলত পুত গৈ মৃত্যুক সাবটি লৈছে তীৰ্থযাত্ৰীকেইগৰাকীয়ে৷ আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুণ্ড-কেদাৰনাথ ট্ৰেকিং পথত সংঘটিত হৈছে এই দুৰ্ঘটনা৷ লেথাৰিকৈ হৈ থকা বৰষুণৰ বাবেই এই দুৰ্ঘটনা বুলি জনাইছে উত্তৰাখণ্ড প্ৰশাসনে৷ মৃত যাত্ৰীসকল ভিতৰত দুজন মহাৰাষ্ট্ৰৰ বাসিন্দা আৰু এজন ৰুদ্ৰপ্ৰয়াগৰ বাসিন্দা৷ আহত হৈছে আৰু ৮গৰাকী ব্যক্তি৷
ৰুদ্ৰপ্ৰয়াগৰ জিলাশাসকে এক্স হেণ্ডেলত পোষ্ট কৰি কয়, ‘কেদাৰনাথৰ যাত্ৰা পথত হোৱা ভূমিস্খলনৰ পাছতেই বিপৰ্যয় মোকাবিলা বাহিনীয়ে তৎপৰতাৰে উদ্ধাৰকাৰ্য চলাইছে৷ জিলা শাসকৰ তৰফৰ পৰা পৰ্যটকসকলক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ পৰামৰ্শ দিয়া হৈছে৷
ঘটনাক লৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে শোকপ্ৰকাশ কৰি লিখিছে, ‘উদ্ধাৰকাৰ্য অব্যাহত আছে৷ আমি উদ্ধাৰকাৰী দলৰ সৈতে সংযোগ স্থাপন কৰিছো৷ আহতসকলৰ চিকিৎসাৰ বাবে সকলোধৰণৰ ব্যৱস্থা কৰা হৈছে৷ আমি সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰি আছো৷’ কেৱল কেদাৰনাথেই নহয়, এই দিনটোত পুৱাই গঙ্গোত্ৰী নেশ্ব্যনেল হাইৱেৰ ওপৰতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ লগে লগেই বন্ধ কৰি দিয়া হৈছে এই পথ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ