হোটেলত মৃত্যুৰ কিৰিলি, ১৬ ৰ পৰা ৬৬ লৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা, অগ্নিদ্বগ্ধ ৫০ৰো অধিক
তুৰস্কৰ এখন হোটেলত সংঘটিত হৈছে অতিকে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। উত্তৰ-পশ্চিম তুৰস্কৰ এখন স্কি ৰিজৰ্ট হোটেলত এই অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডৰ ফলত বৰ্তমানৈ প্ৰাণ হেৰুৱালে ৬৬ গৰাকী লোকে। জীৱন্তে অগ্নিদ্বগ্ধ হৈ প্ৰাণ হেৰুৱায় এই সকল লোকে।
আজি পুৱতি নিশা ৩.৩০ মান বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনা। ১২ মহলীয়া এই হোটেলত মাথো কিছু সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে। প্ৰাণ ৰক্ষাৰ বাবে বহু লোকে হোটেলৰ পৰা জপিয়াই দিয়ে, কিন্তু বেয়াকৈ আঘাত পাই তাৰেও কিছু লোক মৃত্যু মুখত পৰে।
আনহাতে এই অগ্নিকাণ্ডত ৫০ৰো অধিক লোক অগ্নিদগ্ধ হয়। ইয়াৰে কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক। যাৰ বাবে নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ আশংকা ব্যক্তি কৰিছে প্ৰশাসনৰ ফালৰ পৰা।
ঘটনাৰ বিষয়ে খবৰ লাভৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হয়। বহু কষ্টৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে এই জুই। লগতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, এই ভয়ংকৰ অগ্নিকাণ্ড দেখিয়ে, ভয়তে হোটেলৰ পৰা পলায়নৰ চেষ্টা কৰোতে অট্টালিকাৰ পৰা জপিয়াই ওলাই আহে বহু লোকে। হোটেলখনৰ ফালৰ পৰা জনোৱা মতে, হোটেলখনত ঘটনাৰ সময়ত ২৩৪ জন অতিথি আছিল।
এতিয়ালৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই, তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। জানিব পৰা মতে, ৩০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু ২৮খন এম্বুলেন্স সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে। সাহায্য আৰু উদ্ধাৰ অভিযান এতিয়াও চলি আছে। ঘটনাৰ সময়ত হোটেলত এলাৰ্ম বজা নাছিল বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ