আৰু কেইদিনমানৰ অপেক্ষা৷ ২০২৫-২০২৬ অৰ্থবৰ্ষৰ বাবে বাজেট পেছ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ আগন্তুক ১ ফেব্ৰুৱাৰীত পেছ কৰা হ’ব বাজেট৷ সমগ্ৰ দেশৰ নজৰ এতিয়া এই বাজেটক লৈয়ে৷ আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ এইবাৰৰ বাজেটত অটল পেঞ্চন যোজনাৰ অধীনত পেঞ্চনৰ অংক দ্বিগুণ কৰা হ’ব৷ অৰ্থাৎ এই যোজনাৰ ৫ হাজাৰ টকাৰ পেঞ্চন বঢ়াই ১০ হাজাৰ টকা কৰা হ’ব৷ অৱশ্যে এই বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই৷
সামাজিক সুৰক্ষা প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল অটন পেঞ্চন যোজনা প্ৰকল্প৷ এই প্ৰকল্পৰ অধীনত ১ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত পেঞ্চন পোৱা যাব৷ এইবাৰৰ বাজেটত এই পেঞ্চনৰ অংক বৃদ্ধি কৰিব পাৰে কেন্দ্ৰই৷
সূত্ৰৰ খবৰ অনুসৰি অটন পেঞ্চন যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মাহিলী পেঞ্চনৰ অংক বঢ়োৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ এই স্কিমৰ অধীনত নূন্যতম ১০ হাজাৰ টকা পেঞ্চন নিশ্চিত কৰাৰ দিশেৰে সিদ্ধান্ত ল’ব কেন্দ্ৰীয় চৰকাৰে৷ এই অটল পেঞ্চন যোজনাৰ মাধ্যমেৰে সমাজত দৰিদ্ৰ প্ৰান্তিক মানুহৰ বাৰ্ধক্যত আৰ্থিক সহায়তা দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ মূলত অসংগঠিত কৰ্মীসকলৰ বাবে এই উদ্যোগ লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ পক্ষৰ পৰা৷
২০১৫-১৬ৰ অৰ্থবৰ্ষত পেঞ্চন ৰেগুলেটৰি এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়াৰ অধীনত এই স্কিম আৰম্ভ কৰা হৈছিল৷ ইয়াৰ মাধ্যমেৰে মাহিলী ১ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকা পৰ্যন্ত পেঞ্চন পোৱা যায়৷ এই অটল পেঞ্চন যোজনাৰ সকলোতকৈ ডাঙৰ ফিচাৰ্ছ হৈছে যদি এই স্কিমৰ গ্ৰাহকৰ মৃত্যু হয় তেতিয়া নমিনিয়ে জমা টকাৰ সম্পূৰ্ণ ধনেই লাভ কৰে৷ ১৮ৰ পৰা ৪০ বছৰ বয়সীয়া যি কোনো ব্যক্তিয়ে এই অটল পেঞ্চন যোজনাত বিনিয়োগ কৰিব পাৰিব৷ এই স্কিমত আবেদন কৰিবলৈ হ’লে আপোনাৰ নিজৰ বেংক একাউণ্ট থকা নিতান্তই প্ৰয়োজন৷ যি বেংকত আপোনাৰ ছেভিংছ একাউণ্ট আছে তাতেই আপুনি এই স্কিমৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ