২০০ কোটি টকাৰ প্ৰৱঞ্চনা কৰিও গ্ৰেপ্তাৰ নহয় আদানী, শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাহুল গান্ধীৰ
কোটিপতি তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী পুনৰ বাতৰিৰ শিৰোনামত। শেহতীয়া ঘটনাটো আদানী গ্ৰীণ এনাৰ্জী আৰু এজুৰ পাৱাৰৰ সৈতে জড়িত। এখন সংবাদমেলত ৰাহুল গান্ধীয়ে আমেৰিকাৰ উৎকোচ গোচৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু গৌতম আদানীক লক্ষ্য কৰি লয়।
ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আদানীক ৰক্ষা কৰি আছে। ১০ কোটি টকাৰ বাবে জেললৈ যায় মুখ্যমন্ত্ৰী, কিন্তু ২০০ কোটি টকা কেলেংকাৰী কৰিও আদানী আজি মুকলি আকাশৰ তলত।
লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে আদানীয়ে আমেৰিকাত ২০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আদানীৰ বিৰুদ্ধে এতিয়ালৈকে একো কোৱা নাই।
আদানীৰ নিয়ন্ত্ৰণত থাকে দেশৰ প্ৰধানমন্ত্ৰী। মই লিখি দিব পাৰিম প্ৰধানমন্ত্ৰী মোদীৰ বাবেই গ্ৰেপ্তাৰ নকৰে আদানীক। গ্ৰেপ্তাৰটো বাদেই এই ঘটনাৰ তদন্তও নহয়।
উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে স্পষ্টকৈ কয়, যে আদানীৰ অপৰাধৰ মাষ্টাৰমাইণ্ড মোডী। আদানীয়ে শ্ৰীলংকা, বাংলাদেশ, কেনিয়া আৰু অষ্ট্ৰেলিয়াতো বিনিয়োগ কৰিছে, তাতো তদন্ত কৰা উচিত। মই নিশ্চিতভাৱে ক’ব পাৰো যে তেওঁলোকৰ একো নহয়। ৰাহুল গান্ধীয়ে আৰু কয় যে আদানীয়ে কেলেংকাৰী কৰিছে, এই কথা কৈছে আমেৰিকাই, মই নহয়।
কিন্তু কেলেংকাৰিৰ পিছতো আদানী জেলৰ বাহিৰত। অৱশ্যে আমেৰিকাত আদানীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে বুলি উল্লেখ কৰে ৰাহুল গান্ধীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ