কৰণাক লৈ বাবা ভাংগাৰ ভয় লগা ভৱিষ্যদ্বাণী, পূৰ্বৰ তুলনাত অধিক ধ্বংসকাৰী
ভাৰতত পুনৰবাৰ বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ক’ৰ’নাত সক্ৰিয় ৰোগীৰ মুঠ সংখ্যা ৪০২৬ জন।
ইফালে ছ’চিয়েল মিডিয়াত পুনৰ এটা নাম ভাইৰেল হৈছে, সেয়া হৈছে বাবা ভেংগা। ১৯৯৯ চনত প্ৰকাশিত বুলগেৰিয়াৰ ভৱিষ্যদ্বাণী বাবা ভেংগাৰ গ্ৰন্থ দ্য ফিউচাৰ এজ আই ছি ইটে পুনৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে।
তেওঁ কিতাপখনত উল্লেখ কৰিছে যে ২০২০ চনত এটা অজ্ঞাত ভাইৰাছ আহিব, যিটো এপ্ৰিল মাহত শিখৰত উপনীত হ’ব আৰু তাৰ পিছত ১০ বছৰৰ পিছত ঘূৰি আহিব। তেওঁ আৰু ভৱিষ্যদ্বাণী কৰিছিল যে ই অধিক ধ্বংসলীলাৰ সৈতে ঘূৰি আহিব।
যাৰ বাবেই এতিয়া শংকা প্ৰকাশ কৰিছে যে, সেই ভৱিষ্যতবাণী ৫ বছৰৰ পাছতে সঁচা হোৱাৰ দিশত নেকি! কাৰণ পুনৰ এবাৰ কৰণাই টোকৰ মাৰিছে বিশ্বত। যি অতি দ্ৰুত গতিত বিয়পি পৰিছে বিশ্বত।
বুলগেৰিয়াৰ এই ৰহস্যময়ী মহিলা বাব ভেংগাই বহু পৰিঘটনাৰ আগতীয়াকৈ ভৱিষ্যদ্বাণী কৰিছিল, যি বোৰ পিছলৈ সঁচা হৈছিল । ৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি চেৰ্নোবিল দুৰ্ঘটনালৈকে, ইউৰোপীয় ইউনিয়নৰ পৰা ব্ৰিটেইনৰ প্ৰস্থান আৰু আনকি নিজৰ মৃত্যুৰ তাৰিখলৈকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















