Baba Vanga: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সমগ্ৰ বিশ্বতে বিখ্যাত। ১৯৯৬ চনৰ ১১ আগষ্টত তেওঁৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ পিছতহে তেওঁ সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছিল। তেওঁ একাধিক ভৱিষ্যদ্বাণী কৰিছিল। বেছিভাগ ক্ষেত্ৰতে তেওঁৰ ভৱিষ্যদ্বাণী সঁচা হয়। বাবা ভাংগাৰ সৈতে এতিয়ালৈকে সমগ্ৰ বিশ্বই পৰিচিত।
কিছুদিনৰ পৰা ইৰাণ আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে বাবা ভাংগাৰ পেট্ৰ’ল আৰু এল পি জি সন্দৰ্ভত কৰা ভৱিষ্যদ্বাণী পুনৰ ভাইৰেল হৈ পৰিছে। কিন্তু এই দাবীসমূহৰ সমৰ্থনত কোনো সুনিৰ্দিষ্ট প্ৰমাণ উত্থাপন হোৱা নাই।
বাবা ভাংগা আকৌ চৰ্চাত
যেতিয়াই কোনো বৃহৎ বিশ্ব সংকটৰ সৃষ্টি হয়, তেতিয়াই ছ’চিয়েল মিডিয়াত বাবা ভাংগাৰ নাম দ্ৰুতগতিত ট্ৰেণ্ড হয়।
তেলৰ সংকটৰ সৈতে জড়িত হৈ থকা দাবী
ভাইৰেল পোষ্টত দাবী কৰা হৈছে যে বাবা ভাংগাই বিশ্বজুৰি তেল সংকট আৰু অৰ্থনৈতিক অস্থিৰতাৰ ভৱিষ্যদ্বাণী কৰিছিল। কিন্তু এই দাবীসমূহৰ সমৰ্থনত কোনো সুনিৰ্দিষ্ট প্ৰমাণ উত্থাপন হোৱা নাই।
ইতিমধ্যে দেশত পেট্ৰ’ল, ডিজেল, চি এন জি, এল পি জিৰ দামক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত দাবীয়ে উদ্বিগ্নতা আৰু ভয় বৃদ্ধিহে কৰিছে।
আচল কাৰণ কি?
বিশেষজ্ঞসকলৰ মতে, তেলৰ মূল্যবৃদ্ধিৰ মূল কাৰণ হৈছে মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক উত্তেজনা। যদিহে তেলৰ যোগানত প্ৰভাৱ পৰে তেন্তে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য আৰু তীব্ৰভাৱে বৃদ্ধি পাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















