২০২৫ চনৰ সাত মাহ ইতিমধ্যে পাৰ হৈছে৷ কেনেকৈ পাৰ হব বছৰৰ বাকী সময়? হাতত ধন থাকিবনে? সকলোৱে এই উত্তৰ জানিবলৈ আগ্ৰহী হৈ থাকে৷ চলিত বছৰৰ আগন্তুক পাঁচ মাহৰ সেই ভৱিষ্যদ্বাণী কৰিছে বাবা ভাংগাই৷ এই অন্ধ বুলগেৰিয়ান বাবা ভাঙ্গাৰ ভৱিষ্যৎবাণী কৰাৰ ক্ষমতাই সমগ্ৰ বিশ্বক জোকাৰি গৈছে৷
বুলগেৰিয়াৰ দৈৱশক্তিধাৰী বাবাভাঙ্গাৰ ১৯৯৬ চনত মৃত্যু হৈছে৷ কিন্তু তাৰ পূৰ্বে তেওঁ একবিংশ শতাব্দীৰো ভৱিষ্যদ্বাণী কৰি গৈছিল৷ ৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি প্ৰিন্সেস ডায়েনাৰ মৃত্যু, চেৰনোবিল বিপৰ্যয়, আনকি ব্ৰেক্সিট সম্পৰ্কেও ভৱিষ্যদ্বাণী কৰি গৈছিল৷ যি আখৰে আখৰে সত্য প্ৰমাণিতও হৈছে৷ সেই বাবা ভাংগাৰ ভৱিষ্যদ্বাণীতেই ২০২৪ চনত ৫ ৰাশিৰ ভাগ্যৰ চকা ঘূৰাৰ কথাও উল্লেখ আছে৷ আপুনিও এই বছৰৰ শুভ ৰাশিৰ তালিকাত আছে নেকি?
মেষ ৰাশি
২০২৫ চন মেষ ৰাশিৰ বাবে শুভ বছৰ৷ এই ৰাশিৰ মানুহৰ আৰ্থিক সমৃদ্ধি সপোন আধৰুৱা হৈ নাথাকে৷ যিকোনো ক্ষেত্ৰতেই সাফল্যৰ যোগ আছে৷ বছৰ জুৰি ধন আহিব হাতলৈ৷ আগন্তুক পাঁচ মাহতো আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা লাভ কৰিব৷ দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে৷
মিথুন ৰাশি
২০২৫ চন মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক পৰিস্থিতি উন্নত হোৱা বছৰ৷ অবিশ্বাস্যভাৱে বহু দিনীয়া সপোন পূৰ্ণ হব৷ কোনো নতুন কাম আৰম্ভ কৰিব পাৰে৷ বিনিয়োগৰ বৃহৎ সুযোগ পাব৷ ব্যৱসায়ীসকলে লাভৰ মুখ দেখিব৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি থাকিলে দূৰ হব৷ সংসাৰৰ অৰ্থ সংকটো দূৰ হব৷ পেছাগত জীৱনত বৃহৎ উন্নতিৰ যোগ আছে৷ আয় ব্যয়ৰ সামঞ্জস্য ৰাখি সঞ্চয় কৰিব৷ বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে৷
কৰ্কট ৰাশি
২০২৫ চন কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ হঠাৎ বৃহৎ আৰ্থিক লাভ কৰিব পাৰে৷ যিকোনো কামত হাত দিলেই সাফল্য পাব৷ পেছাগত জীৱনত নতুন আয়ৰ উৎস বিচাৰি পাব৷ বৃহৎ কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ সামাজিক সম্পৰ্ক দৃঢ় হব৷
কন্যা ৰাশি
চলিত বছৰত কন্যা ৰাশিৰ জীৱনলৈ বৃহৎ সালসলনি আহিব পাৰে৷ সমাজত মান যশ বাঢ়িব৷ পূৰ্বৰ কোনো বিনিয়োগৰ পৰা অপ্ৰত্যাশিত আৰ্থিক লাভ কৰিব পাৰে৷ সকলো বাধা দূৰ হৈ ভাগ্যৰ সহায়তা লাভ কৰিব৷ বাবা ভাংগাৰ ভৱিষ্যদ্বাণীয়ে কৈছে যে সাহস কৰি কোনো কামত আগুৱালে সফলতা পাবই৷ এই বছৰত আপোনাৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হৈ ভৱিষ্যত সুনিশ্চিত হব৷
কুম্ভ ৰাশি
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী অনুসৰি ২০২৫ চন কুম্ভ ৰাশিৰ বাবে লাভজনক হব৷ নতুন বছৰত পেছাগত জীৱনত সাফল্য পাব পাৰে৷ চাৰিওফালে ইতিবাচক পৰিবেশ থাকিব৷ জীৱনত বহু সপোন পূৰণৰ সুযোগ আহিব৷ শনিৰ কৃপাত ভাগ্য সলনি হব৷ পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব৷ লটাৰীৰ টিকট কাটিলেও ভাল লাভ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















