বিশ্ববিখ্যাত বাবা ভাংগাৰ ভৱিষ্যদ্বাণী আজিও চৰ্চাৰ বিষয় হৈ আহিছে। ইণ্টাৰনেটত বিশেষকৈ ছ’চিয়েল মিডিয়াত বাবা ভাংগাক লৈ আলোচনা চলিয়েই থাকে। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী আৰু জ্যোতিষ বিজ্ঞানৰ বিশ্বাস অনুসৰি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ লগতে নক্ষত্ৰ পৰিৱৰ্তনকো যথেষ্ট গুৰুত্ব দিয়া হয়। আগন্তুক ৯ অক্টোবৰত শনিদেৱে উত্তৰভদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব। জ্যোতিষৰ হিচাপ অনুসৰি, শনিয়ে ২০২৭ চনৰ ৮ ফেব্ৰুৱাৰীলৈকে এই নক্ষত্ৰত অৱস্থান কৰিব। বাবা ভাংগাৰ লগতে জ্যোতিষৰ মতেও, কোনো গ্ৰহ নিজৰ শাসক নক্ষত্ৰত থাকিলে তাৰ শক্তি অধিক সক্ৰিয় আৰু ফলপ্ৰসূ হয়। শনিক সাধাৰণতে কৰ্ম, অনুশাসন, ধৈৰ্য্য আৰু দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ কাৰক হিচাপে গণ্য কৰা হয়। সেয়েহে এই সময়ছোৱাত হঠাৎ ডাঙৰ পৰিৱৰ্তনৰ সলনি ধীৰে ধীৰে জীৱনত পৰিৱৰ্তন অহাৰ সম্ভাৱনা থাকে বুলি বিশ্বাস কৰা হয়। বিশেষকৈ কঠোৰ পৰিশ্ৰম, নিয়মানুৱৰ্তিতা আৰু ধৈৰ্য্যৰে আগবাঢ়ি যোৱা লোকসকলে এই সময়ত ভাল ফল লাভ কৰিব পাৰে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী আৰু জ্যোতিষ বিজ্ঞানৰ বিশ্বাস অনুসৰি তলত উল্লেখ কৰা ৫ ৰাশিৰ বাবে শুভ হ’ব পাৰে এই পৰিৱৰ্তন।
মেষ ৰাশি
মেষ ৰাশিৰ লোকসকলৰ বাবে শনিদেৱৰ এই নক্ষত্ৰ পৰিৱৰ্তনে কৰ্মক্ষেত্ৰত কিছু স্থিৰতা আনিব পাৰে। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। আৰ্থিক দিশতো ধীৰে ধীৰে উন্নতি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সফলতাৰ বাবে ধৈৰ্য্য আৰু নিয়মিত পৰিশ্ৰম অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ হ’ব।
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে কেৰিয়াৰ আৰু আৰ্থিক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে বুলি জ্যোতিষত বিশ্বাস কৰা হয়। চাকৰি বা ব্যৱসায়ত দায়িত্ব বৃদ্ধি পাব পাৰে। আৰম্ভণিতে অধিক দায়িত্ব কিছু কঠিন যেন লাগিলেও, পৰৱৰ্তী সময়ত ইয়াৰ সুফল লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা আৰ্থিক দিশৰ পৰা গুৰুত্বপূৰ্ণ হ’ব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ লগতে পূৰ্বে কৰা প্ৰচেষ্টাৰ সুফলো লাভ কৰাৰ সম্ভাৱনা আছে। ধন-সম্পৰ্কীয় বিষয়ত স্থিৰতা বৃদ্ধি পাব পাৰে বুলি জ্যোতিষীয় মতত কোৱা হৈছে।
তুলা ৰাশি
তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে শনিৰ এই ট্ৰেনজিট কৰ্ম আৰু বিত্তীয় ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ’ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলেও নতুন পৰিকল্পনা বা কাম আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। ধৈৰ্য্যৰে আগবাঢ়িলে ইয়াৰ পৰা দীৰ্ঘম্যাদী লাভ পোৱাৰ সম্ভাৱনা থাকিব পাৰে।
মকৰ ৰাশি
মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনিদেৱ। সেয়েহে শনিৰ নিজৰ শাসক নক্ষত্ৰ উত্তৰভদ্ৰপদত প্ৰৱেশ মকৰ ৰাশিৰ লোকসকলৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। এই সময়ছোৱাত কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু ধৈৰ্য্যৰ ওপৰত অধিক গুৰুত্ব দিয়াটো লাভজনক হ’ব পাৰে। নিজৰ লক্ষ্যত স্থিৰ হৈ থাকিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে বুলি জ্যোতিষত বিশ্বাস কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















