অসম লাইভ ২৪ঃ শনিবাৰে হঠাৎ ৰাজনীতি ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই। কিছুদিন পূৰ্বে মোদী মন্ত্ৰীসভাৰ পৰা বাদ পৰা বাবুল সুপ্ৰিয়ই কোনো ৰাজনৈতিক দলত যোগদান নকৰাৰ কথাও ঘোষণা কৰে। পিছে, হঠাৎ জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকীয়ে লোৱা এই সিদ্ধান্তই আচৰিত কৰিছে সকলোকে। এই সম্বন্ধে দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা এক আলোচনাত মিলিত হৈছে বাবুল সুপ্ৰিয়ৰ সৈতে। বাবুল সুপ্ৰিয়ৰ দৰে এগৰাকী নেতা বিজেপি ত্যাগ কৰাটো নিশ্চিতভাৱে দলটোৰ বাবে এক মোক্ষম আঘাত। অন্য দলত যোগ দিলে লোকচানৰ সন্মুখীন হ’ব বিজেপি। যাৰ বাবে নেতাগৰাকীৰ এই সিদ্ধান্তক সলনি কৰিবলৈ আহ্বান জনাইছে বিজেপিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ