নিজৰ ডাঙৰ কন্যাৰ ২ মাৰ্চ, দেওবাৰে আছিল তোলনি বিয়া। সেই বিয়াৰ বাবে তামোল-পানকে ধৰি কিছু যাৱতীয় বজাৰ সমাৰ কৰিবলৈ বৃহস্পতিবাৰে নিজ গৃহৰ পৰা এ এছ ২৫ এম ৭১৫৮ নম্বৰৰ দুচকীয়া এক্টিভা বাহনখন লৈ ঘৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ দক্ষিণ কামৰূপৰ ছয়গাঁওলৈ বুলি ওলাই গৈছিল সাংস্কৃতিক কৰ্মী , সুগায়ক, মঞ্চ আৰু টেলিভিছন জগতৰ বলিষ্ঠ অভিনেতা হিচাপে সুখ্যাতি লাভ কৰা বদন কলিতাই।
তাত দুঘৰমান সম্পৰ্কীয় মানুহক জীয়েকৰ তোলনি বিয়াত নিমন্ত্ৰণ জনাই বজাৰ সমাৰ কৰি সন্ধিয়া ঘৰলৈ বুলি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে উভতি আহিছিল বদন কলিতা । কিন্তু নিয়তি যেন বাটত ৰৈ আছিল। ঘৰলৈ আহি থকা অৱস্থাত কুকুৰমাৰা পোৱাৰ মুহূৰ্ততে বদন কলিতাক মহতিয়াই নিয়ে এ এছ ০১ পি চি ১৬২১ নম্বৰৰ এখন ডাম্পাৰে । দূৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বদন কলিতাৰ বাওঁ ভৰিখন আঠুৰ প্ৰায় বিছিন্ন হৈ পৰে। তাৰ পাছত কুকুৰমাৰা আৰক্ষী চকীৰ আৰক্ষীয়ে প্ৰথমতে ছয়গাঁৱৰ গোবৰ্ধন স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে। কিন্তু তেতিয়ালৈ বহু দেৰী হৈ গৈছিল। পাছত নিশা উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে গুৱাহাটীৰ মালিগাঁওস্থিত স্বাগত হাস্পতালত ভৰ্ত্তি কৰায়। কিন্তু চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পুৱা তেওঁৰ মৃত্যু হয়।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ। মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, দুজনী কন্যা, দুজন ভাতৃ, এজনী ভগ্নী, ভনী জোৱাঁই, ভাগিনীসহ বহু আত্মীয় – স্বজন এৰি থৈ যায়। বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মৃতদেহ নিজ বাসভৱনলৈ অনা হয়। তাত অসংখ্য গুণমুগ্ধ লোকে নশ্বৰ দেহত শেষ শ্ৰদ্ধা তৰ্পণ কৰাৰ পাছত মৃতদেহ খানামুখ ৰাজহুৱা নামঘৰ, খানামুখ প্ৰাথমিক বিদ্যালয় , খানামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰলৈ শোভাযাত্ৰা কৰি অনা হয়। এই স্থানতে অঞ্চলটোৰ কেবা শতাধিক লোকে বদন কলিতালৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ সাংস্কৃতিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই অহা বদন কলিতাৰ আকস্মিক মৃত্যু অঞ্চলটোৰ সামাজিক আৰু ৰাজহুৱা জীৱনত এক অপূৰণীয় ক্ষতি বুলি বিবেচিত হৈছে। মৃত্যুৰ আগলৈকে তেওঁ খানামুখ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, খানামুখ মিলন সংঘৰ সাংস্কৃতিক সম্পাদক , এনাজৰী সাংস্কৃতিক গোষ্ঠীৰ সভাপতি , বিজেপি দলৰ খানামুখ বুথ সমিতিৰ কাৰ্যকৰ্তা, খানামুখ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ পৰিচালনা সমিতিৰ সদস্য , অন্বেষ সাহিত্য গোষ্ঠীকে ধৰি বহু সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান – প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ আছিল। সন্ধিয়া খানামুখ ৰাজহুৱা শ্মশানত অসংখ্য গুণমুগ্ধ লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ