বাংলাদেশত পতন হৈছে হাছিনা চৰকাৰৰ৷ দেশ এৰি ভাৰতত আশ্ৰয় লৈ আছে হাছিনাই৷ এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপত মিলিত হৈছে নোবেলজয়ী অৰ্থনীতিবিদ তথা বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ প্ৰধান মহম্মদ ইউনূছ৷ সূত্ৰৰ খবৰ অনুসৰি বাংলদাসের হিন্দু আৰু সংখ্যালঘূসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছে মহম্মদ ইউনূছে৷
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স হেণ্ডেলৰ পোষ্ট কৰি জনাইছে এই খবৰ৷ প্ৰধানমন্ত্ৰী মোদীয়ে এক্স হেণ্ডেলত লিখিছে, ‘প্ৰফেছাৰ মহম্মদ ইউনূছক ফোন কৰিছিলো৷ বৰ্তমান পৰিস্থিতিক লৈ আমি আলোচনা কৰিছো৷ গণতান্ত্ৰিক, স্থিতিশীল, শান্তিপূৰ্ণ আৰু উন্নয়নশীল বাংলাদেশৰ প্ৰতি ভাৰতৰ সমৰ্থনো জনাইছো৷ বাংলাদেশৰ হিন্দু আৰু সংখ্যালঘুৰ সুৰক্ষা, নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছে ইউনূছে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















