ছেপ্টেম্বৰ মাহত বুধে স্বৰাশি কন্যাত প্ৰৱেশ কৰিব৷ জ্যোতিষ গণনা অনুসৰি এই ৰাশিত অহাৰ পাছতেই বুধে ভদ্ৰ ৰাজযোগ তৈয়াৰ কৰিব৷ উল্লেখ্য যে জ্যোতিষ শাস্ত্ৰত অতিশুভ পঞ্চমহাপুৰুষ ৰাজযোগৰ উল্লেখ আছে৷ ইয়াৰ মাজতেই অন্যতম হৈছে ভাদ্ৰ মহাপুৰুষ ৰাজযোগ৷ এই পৰিস্থিতিত সমস্ত ৰাশিৰ জাতকৰ ওপৰত ভদ্ৰ মহাপুৰুষ ৰাজযোগৰ প্ৰভাৱ পৰিব৷ এই ৰাজযোগৰ দ্বাৰা কেইটামান ৰাশিৰ ভাগ্য চমকি উঠিব৷ ইয়াৰোপৰি কেৰিয়াৰ আৰু ব্যৱসায়তো উন্নতি হ’ব৷ বুধে তৈয়াৰ কৰা এই ভদ্ৰ মহাপুৰুষ ৰাজযোগে কাৰ কাৰ বাবে সু সংবাদ আনিব? জানি থওক সবিশেষ৷
সিংহ ৰাশি
জ্যোতিষ গণনা অনুসৰি সিংহ ৰাশিৰ জাতকৰ বাবে ভদ্ৰ ৰাজযোগ অত্যন্ত লাভজনক৷ বুধে আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত ভ্ৰমণ কৰিছে৷ এই সময়ত ভাগ্যৰ পূৰ্ণ সংগ পাব সিংহ ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ বাবে এই সময় অনুকূল৷ আয়ৰ নতুন পথ প্ৰশস্ত হ’ব৷ বাণীৰ প্ৰভাৱ বাঢ়িব৷ ইয়াৰ ফলত সকলো আপোনাৰ প্ৰতি ইমপ্ৰেছ হ’ব৷ পাবলগীয়া ধনো লাভ কৰিব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ সমাজত নিজৰ পৃথক পৰিচিতি গঢ়ি উঠিব৷
কন্যা ৰাশি
এই ৰাশিৰ জাতকৰ বাবে ভদ্ৰ মহাপুৰুষ ৰাজযোগ অনুকূল প্ৰমাণিত হ’ব৷ এই ৰাশিৰ লগ্ন স্থানত ৰাজযোগ তৈয়াৰ কৰিব বুধে৷ এই সময়ত কন্যা ৰাশিৰ জাতকৰ ব্যক্তিত্ব উন্নত হ’ব৷ আকস্মিক ধনলাভৰ যোগ আছে৷ ইয়াৰোপৰি সমাজত নিজৰ পৃথক পৰিচয় গঢ়ি তুলিব পাৰিব এই ৰাশিৰ জাতকে৷ মান-সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব পাৰিব৷ কৰ্মশৈলী উন্নত হ’ব৷ কন্যা ৰাশিৰ দাম্পত্য জীৱনত মাধুৰ্য্য বৃদ্ধি পাব৷ অবিবাহিত জাতকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে৷
ধনু ৰাশি
ভদ্ৰ ৰাজযোগ ধনু ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী৷ বুধে আপোনাৰ ৰাশিৰ নৱম স্থানত গোচৰ কৰি এই ৰাজযোগ তৈয়াৰ কৰিব৷ এই সময়ত ভাগ্যৰ সংগ পাব কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলৰ আয়ৰ নতুন পথ প্ৰশস্ত হ’ব৷ ইয়াৰোপৰি চাকৰিত দৰমহা বৃদ্ধিৰো সম্ভাৱনা আছে৷ দেশ বিদেশলৈ যাত্ৰা কৰিব পাৰে এই ৰাশিৰ জাতকে৷ চাকৰিয়াল সকলে কোনো ভাল প্ৰস্তাৱ পাব পাৰে৷ ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ প্ৰতিযোগীতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ