অসমত বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে চাঞ্চল্য। ধুবুৰী জিলাত নাৱেৰে বাংলাদেশী নাগৰিকক অসমত প্ৰৱেশ কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, প্ৰতিজন বাংলাদেশী নাগৰিকৰ পৰা ১৫ হাজাৰৰ পৰা ১৭ হাজাৰ টকা লৈ সীমান্ত পাৰ কৰাই দিছিল মিলন নামৰ এজন দালালে।
প্ৰাপ্ত তথ্য অনুসৰি, একেলগে ৩৮জন বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশ কৰিছিল। ইয়াৰে ২০জনক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। কিন্তু বাকী ১৮জন বাংলাদেশী নাগৰিক ক’লৈ গ’ল, সেই লৈ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, মিলন নামৰ দালালজনে ধনৰ বিনিময়ত বাংলাদেশী নাগৰিকক সীমান্ত পাৰ কৰাই অসমত প্ৰৱেশ কৰোৱাৰ ব্যৱস্থা কৰিছিল। প্ৰতিজন ব্যক্তিৰ পৰা ১৫ হাজাৰৰ পৰা ১৭ হাজাৰ টকাকৈ লোৱা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।
ঘটনাটোক কেন্দ্ৰ কৰি ধুবুৰী আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে। বাকী ১৮জনৰ সন্ধান উলিওৱাৰ লগতে এই ঘটনাৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই দিশটোও তদন্তৰ আওতালৈ আহিব পাৰে। সীমান্ত পাৰ হৈ অহা লোকসকলক কোনে সহায় কৰিছিল, দালাল চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে তথা ধনৰ লেনদেন কেনেদৰে হৈছিল—এই সকলো দিশ তদন্তৰ জৰিয়তে স্পষ্ট হ’ব বুলি আশা কৰা হৈছে।
এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল—৩৮জন বাংলাদেশী নাগৰিকৰ ভিতৰত ২০জন আৰক্ষীৰ জালত পৰাৰ পাছত বাকী ১৮জন ক’ত আছে? আৰক্ষীৰ তদন্ততহে এই প্ৰশ্নৰ উত্তৰ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















