অহা সপ্তাহত বেংক সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কামত গুৰুত্ব দিবলগীয়া আছে, তেন্তে ঘৰৰ পৰা ওলোৱাৰ আগতে বেংকৰ ছুটীৰ তালিকাখন নিশ্চয়কৈ পৰীক্ষা কৰক। ১৫ জুনৰ পৰা ২১ জুন, ২০২৬ৰ ভিতৰত একাংশ ৰাজ্যৰ বেংকসমূহ বিভিন্ন কাৰণত বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা বন্ধৰ তালিকা অনুসৰি জুন মাহত শনিবাৰ, দেওবাৰ, আৰু বিভিন্ন উৎসৱকে ধৰি মুঠ ১১ দিনৰ বাবে বেংক বন্ধ থাকিব।
অৱশ্যে সকলো ৰাজ্যতে একেধৰণৰ বন্ধৰ দিন নাথাকে। আঞ্চলিক উৎসৱ আৰু স্থানীয় অনুষ্ঠানৰ বাবে বহু বন্ধৰ দিন কেৱল কিছুমান ৰাজ্যৰ বাবেহে প্ৰযোজ্য। বেংকলৈ যোৱাৰ পূৰ্বে আপোনাৰ চহৰ বা ৰাজ্যত বেংক খোলা থাকিব নে নাই জানক…
১৫ জুনত ক’ত বন্ধ থাকিব বেংক?
২০২৬ চনৰ ১৫ জুন সোমবাৰে দেশজুৰি বেংক বন্ধ নহ’ব যদিও একাংশ ৰাজ্যই বন্ধ ঘোষণা কৰিছে। মিজোৰামৰ ৰাজধানী আইজলত উদযাপন কৰা হ’ব যুৱ মিজো এছ’চিয়েচন দিৱস। এই উপলক্ষে বন্ধ থাকিব সকলো বেংক। ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত ৰাজ সংক্ৰান্তি উৎসৱৰ বাবে বেংকৰ শাখা বন্ধ হৈ থাকিব। আন ৰাজ্যত এই দিনটোত বেংকসমূহ সচৰাচৰৰ দৰে খোলা থাকিব, আৰু সচৰাচৰৰ দৰেই কাম চলি থাকিব।
২১ জুনত সমগ্ৰ দেশতে বন্ধ থাকিব বেংক
২০২৬ চনৰ ২১ জুন, দেওবাৰ। দেওবাৰৰ বাবে সমগ্ৰ দেশৰ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বেংক বন্ধ থাকিব। এই দিনটোত কোনো বেংক শাখাই নগদ ধন জমা, চেক ক্লিয়াৰেন্স, বা শাখা সম্পৰ্কীয় অন্যান্য কাম চম্ভালিব নোৱাৰিব।
জুন মাহৰ শেষ সপ্তাহতো বহু বন্ধ থাকিব
উৎসৱৰ বাবে জুন মাহৰ শেষৰ সপ্তাহত বহু ঠাইত বন্ধ থাকিব বেংক। ২৫ জুনত মুহাৰমৰ বাবে বন্ধ থাকিব বিজয়াৱাড়াৰ বেংক। ২৬ জুনত মুহাৰমৰ বাবে দেশৰ কেইবাখনো ডাঙৰ চহৰত বেংকিং সেৱাত প্ৰভাৱ পৰিব। নতুন দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বেংগালুৰু, লক্ষ্ণৌ, পাটনা, ৰাঞ্চি, ভোপাল, জম্মু, আৰু শ্ৰীনগৰকে ধৰি কেইবাখনো চহৰত বেংকৰ শাখা বন্ধ থাকিব। সন্ত গুৰু কবীৰৰ জন্ম বাৰ্ষিকী উপলক্ষে অহা ২৯ জুনত শিমলাতো বেংক বন্ধ থাকিব। ৰেমনা নি নামৰ আঞ্চলিক বন্ধৰ বাবেও অহা ৩০ জুনত আইজলত বেংক বন্ধ থাকিব।
ডিজিটেল বেংকিং সেৱা কাৰ্যক্ষম
বেংকৰ শাখা বন্ধ হৈ থকাৰ পাছতো গ্ৰাহকে চিন্তাৰ প্ৰয়োজন নাই। এটিএম, ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং, ইউপিআই আদি ডিজিটেল সেৱা ২৪ ঘণ্টাই উপলব্ধ থাকিব। গ্ৰাহকে ঘৰৰ পৰাই ধন পঠিয়াব পাৰে, বিল পৰিশোধ কৰিব পাৰে, বেলেঞ্চ চেক কৰিব পাৰে, আৰু অন্যান্য বেংকিং সেৱাৰ সুবিধা ল’ব পাৰে। যদি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে বেংকলৈ যাব লাগে তেন্তে বন্ধৰ দিনবোৰ মনত ৰাখি আগতেই পৰিকল্পনা কৰাটো ভাল। ইয়াৰ দ্বাৰা কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ সহায়ক হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















