অসম লাইভ ২৪ঃ বৰাকত পুনৰ ওলমিল অসমীয়া ভাষাৰ হৰ্ডিং। কাছাৰৰ শিলচৰ চহৰৰ মেহেৰপুৰত লাগিল হৰ্ডিং। বৰাকৰ কাছাৰ জিলাত ওলমিল দ্বৈত ভাষাৰ বেনাৰ। বাংলা আৰু অসমীয়া ভাষাৰ বেনাৰ আঁৰিলে প্ৰশাসনে।
অনিমেষ হত্যাক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে প্ৰশাসনে কাছাৰ জিলাৰ শিলচৰৰ মেহেৰপুৰত ওলোমালে দ্বৈত ভাষাৰ চৰকাৰী হৰ্ডিং৷ কোভিড ভেকচিনৰ প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ ফটো সংলগ্ন হৰ্ডিং ওলোমালে কাছাৰ প্ৰশাসনে৷ অসমীয়া ভাষাৰ হৰ্ডিংত ক’লা ৰং সানি, ফালি-ছিৰি অসমীয়া ভাষাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ইয়াৰ পূৰ্বে কেৱল বাংলাত লিখা হৰ্ডিং লগোৱাত বিডিএফৰ নেতা প্ৰদীপ দত্ত ৰয়ে ২৪ ঘণ্টাৰ ভিতৰত বেনাৰ আতৰোৱাৰ দিয়াৰ ধমকি দিয়াৰ সময়তে কোনো দুৰ্বৃত্তই হৰ্ডিং ফালি পেলাইছিল৷ তাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ আনহাতে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় জল জীৱন আঁচনিৰ বেনাৰত প্ৰদীৰ দত্ত ৰয়ৰ সংগঠনে ক’লা ৰং সনাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে তিনিদিন পূৰ্বে বিতৰ্কিত বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















