অসম লাইভ ২৪ঃ জনপ্ৰিয় টেলিভিছন শ্ব’ দ্য কপিল শৰ্মা শ্ব’ত অসমৰ ফুলাম গামোচাৰ প্ৰশংসা৷ শ্ব’ হ’ষ্ট কপিল শৰ্মা, অতিথি ক্ৰমে জন আব্ৰাহম আৰু দিব্যা খ’চলা কুমাৰৰ কান্ধত দেখা গ’ল অসমৰ গামোচা৷ ইফালে অসমৰ প্ৰশংসাত পঞ্চমুখ অভিনেতা জন আব্ৰাহম৷ দ্য কপিল শৰ্মা শ্ব’ৰ এক শেহতীয়া খণ্ডত উপস্থিত আছিল অসমৰ কমল তুলস্যান আৰু সঞ্জয় তুলস্যান৷ সেই সুযোগতে আটাইকেইগৰাকীক গামোচা পিন্ধায় দুয়োগৰাকী অসমৰ ব্যক্তিয়ে৷ লগতে অসমলৈও আমন্ত্ৰণ জনায়৷ অনুষ্ঠানত উপস্থিত আছিল কপিল শৰ্মাৰ মাতৃ আৰু জনপ্ৰিয় অভিনেত্ৰী অৰ্চনা পুৰাণ সিং৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ