মনোৰঞ্জন জগতৰ পৰা আহিছে দুঃখবৰ। পিংক পেন্থাৰৰ ধাৰাবাহিক ‘এ শ্বট ইন দ্য ডাৰ্ক’ত পিটাৰ চেলাৰ্ছৰ সৈতে অভিনয় কৰা জাৰ্মান অভিনেত্ৰী এলকে ছমাৰ আৰু নাই। ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে অভিনেত্ৰীগৰাকীয়ে। লছ এঞ্জেলছৰ বেল এয়াৰ অঞ্চলৰ নিজৰ ঘৰত ছমাৰৰ মৃত্যু হোৱা বুলি সন্তানে জাৰ্মান সংবাদ মাধ্যমক জনায়।
ৱালথাৰে সংবাদ মাধ্যমৰ আগত কয় যে আজি নিশা ১০ বজাত এলকে শান্তিপূৰ্ণভাৱে মৃত্যুবৰণ কৰে। এতিয়া অৱশেষত তেওঁ নিজৰ মৰমৰ স্বামীৰ ওচৰলৈ উভতি যাব পাৰিব। দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। যদি তেওঁ জীয়াই থাকিলহেঁতেন তেন্তে ৫ নৱেম্বৰত ছমাৰৰ বয়স ৮৬ বছৰ হ’লহেঁতেন। গোল্ডেন গ্ল’ব বিজয়ী আৰু আন্তঃৰাষ্ট্ৰীয় যৌন প্ৰতীক ছমাৰ ১৯৬০ চনত জাৰ্মানীৰ অন্যতম পৰিচিত হলিউড তাৰকা হৈ পৰিল আৰু চলচ্চিত্ৰ, টেলিভিছন আৰু থিয়েটাৰত নিজৰ কেৰিয়াৰ গঢ়ি তুলিলে।
১৯৪০ চনত বাৰ্লিনত জন্মগ্ৰহণ কৰা এলকে শ্বলেটজে প্ৰথমতে দোভাষী হোৱাৰ সপোন দেখিছিল। ইটালীত ছুটীত থকাৰ সময়ত এখন সৌন্দৰ্য্য প্ৰতিযোগিতাই অভিনয়ৰ দুৱাৰ মুকলি কৰি দিছিল, যাৰ ফলত তেওঁ হলিউডলৈ যোৱাৰ পূৰ্বে ইউৰোপীয় ছবিত অভিনয় কৰিছিল। ১৯৬৩ চনত দ্য প্ৰাইজ ছবিখনত পল নিউমেনৰ সৈতে অভিনয় কৰি ১৯৬৪ চনত গোল্ডেন গ্ল’ব বঁটা লাভ কৰে। বঁটাৰ তথ্য অনুসৰি তেওঁ “বছৰৰ শ্ৰেষ্ঠ নৱাগতা তাৰকা, অভিনেত্ৰী” শাখাত এই বঁটা লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















