হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখা নিষিদ্ধ এইখন মুছলিম প্ৰধান দেশত
এফালে বিশ্বৰ কেইবাখনো দেশত মহিলাই হিজাব পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ বিপৰীতে এখন দেশত নিষিদ্ধ ঘোষণা কৰিছে। কেৱল মহিলাৰ হিজাবেই নহয়, পুৰুষৰ ক্ষেত্ৰতো দিয়া হৈছে নিৰ্দেশনা। কোনো পুৰুষে ৰাখিব নোৱাৰিব দীঘল দাঢ়ি। তাকো এখন মুছলমান প্ৰধান দেশতে এই নিৰ্দেশন জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। নিৰ্দেশনা অমান্য কৰিলে ১ লাখৰো অধিক জৰিমনা।
এতিয়াৰ পৰা দেশ খনত হিজাব পৰিধান কৰা আৰু দীঘল দাঢ়ি ৰখাটো নিষিদ্ধ। এই মুছলিম প্ৰধান দেশখন হৈছে তাজিখিস্তান। তাজিখিস্তানত ৯৬ শতাংশই মুছলিম লোক। তাৰ পাছতো এনে এক নিষিদ্ধতা জাৰি কৰিছে দেশখনত। অৱশ্যে ইয়াৰ পাছত আছে এক বিশেষ কাৰণ।
সন্ত্ৰাসবাদী কাৰ্যকলাপ হ্ৰাস কৰাৰ উদ্দেশ্যেই এই নিৰ্দেশনা জাৰি তাজিখিস্তানত। আচলতে মুছলমান দেশ তাজিকিস্তান আফগানিস্তান, চীন, কিৰ্গিস্তান আৰু উজবেকিস্তানৰ সীমাৰেখাৰে আগুৰি আছে। বৰ্তমান এই দেশখন সন্ত্ৰাসবাদী ঘটনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰিৰ অধীনত আছে।
২০২৪ চনৰ মাৰ্চ মাহত ৰাছিয়াৰ ৰাজধানী মস্কোত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তাজিক মূলৰ ৪ জন সন্ত্ৰাসবাদী জড়িত হোৱাৰ পিছত চৰকাৰে দেশখনৰ ইছলামিক সাজ-পোছাক আৰু পৰিচয় নিৰ্মূল কৰিবলৈ আৰম্ভ কৰিছে।
চৰকাৰৰ নতুন নিয়মৰ মূল উদ্দেশ্য ধৰ্মীয় মৌলবাদক নিয়ন্ত্ৰণ কৰা বুলি কোৱা হৈছে। তিনি দশক ধৰি ক্ষমতাত থকা একনায়কত্ববাদী ৰাষ্ট্ৰপতি ইমোনালি ৰহমনৰ মতে ইছলামৰ ৰাজহুৱা পৰিচয় ৰোধ কৰিলে ৰক্ষণশীল ইছলামক দুৰ্বল কৰাত সহায়ক হ’ব। ইয়াৰ ফলত ইছলামিক উগ্ৰবাদো হ্ৰাস পাব।
নতুন আইনত চৰকাৰে ৰাজহুৱা স্থানত দাড়ি কটাৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ বাবে চৰকাৰে মোতায়েন কৰিছে নৈতিক আৰক্ষী। লগতে আইন মানি নচলাৰ বাবে ১ লাখ টকাতকৈ অধিক জৰিমনা আৰু শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে, যদি আমি তাজিকিস্তানৰ অৰ্থনৈতিক অৱস্থাৰ কথা কওঁ, তেন্তে দেশখনৰ গড় মাহিলী দৰমহা প্ৰায় ১৫ হাজাৰ টকা। যাৰ বাবে দেশত জৰিমনা সন্দৰ্ভত ব্যাপক সমালোচনা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ