অসম লাইভ ২৪ঃ অৱশেষত ক’ৰোনা মহামাৰীৰ কৱলত প্ৰবীন কণ্ঠশিল্পী বাপ্পী লাহিড়ী। ক’ৰোণাত আক্ৰান্ত হৈ মুম্বাইৰ ব্ৰেন্স কেণ্ডী হাস্পতালত চিকিৎসাধীন হৈ আছে বাপ্পী লাহিড়ী। কণ্ঠশিল্পীগৰাকীৰ মুখপাত্ৰই জনাইছে এই কথা। তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কোভিড পৰীক্ষণ কৰি সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায় পৰিয়ালে। সমগ্ৰ দেশৰ লগতে বিশেষকৈ মুম্বাইত ক’ৰোনাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কোনো লক্ষণ নোহোৱাকৈয়ে অধিক সংখ্যক লোক আক্ৰান্ত হৈছে ক’ৰোনাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ