চ’ত নৱৰাত্ৰি ২০২৬ আৰম্ভ হৈছে ১৯ মাৰ্চ বৃহস্পতিবাৰৰ পৰা৷ এই নৱৰাত্ৰিৰ ষষ্ঠী তিথিৰ পৰা বাসন্তী পূজা পালন কৰা হয়৷ শাৰদীয় দুৰ্গাপূজা জনপ্ৰিয় হোৱাৰ পূৰ্বে বাসন্তী পূজাই আছিল প্ৰধান দুৰ্গোৎসৱ৷ ২৪ মাৰ্চ মঙলবাৰে চ’তৰ ষষ্ঠী তিথিৰ পৰা আৰম্ভ হ’ব বাসন্তী পূজা৷ ২৮ মাৰ্চ শনিবাৰে দশমীত হ’ব দেৱীৰ বিসৰ্জন৷ বসন্তকালত এই দুৰ্গাপূজা হয় বাবেই এই পূজাক বাসন্তী পূজা বুলি কোৱা হয়৷ ধাৰণা কৰা হয় এই সময়ত দুৰ্গাৰ আৰাধনা কৰিলে তেওঁৰ বিশেষ কৃপা লাভ সম্ভৱ হয়৷ জানি থওক জ্যোতিষ গণনা অনুসৰি বাসন্তী পূজাৰ কেইদিন মা দুৰ্গাৰ আশীৰ্বাদ থাকিব কোন কোন ৰাশিৰ জাতকৰ ওপৰত?
মেষ ৰাশি
মেষ ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ বৈদিক জ্যোতিষত এই গ্ৰহ সাহস, শক্তি আৰু বীৰত্বৰ প্ৰতীক৷ মা দুৰ্গাও শক্তিৰ প্ৰতীক৷ দেৱীৰ কৃপাত এই সময়ত ভাল সময় আহিছে মেষ ৰাশিৰ জাতকৰ জীৱনত৷ আপুনি মেষ ৰাশিৰ জাতক হ’লে আত্মবিশ্বাস তুংগত থাকিব৷ যি কাম কৰিব বুলি ঠিক কৰিব সেয়া সম্পূৰ্ণ কৰিহে এৰিব৷ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু মন টান কৰি সাহসী সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব৷
সিংহ ৰাশি
মা দুৰ্গাৰ বাহন সিংহ৷ সেয়ে দুৰ্গাৰ কৃপা সকলো সময়তে থাকে সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ বিশেষকৈ দুৰ্গা পূজাৰ সময়ত দেৱীৰ আশীৰ্বাদত সহজেই সাফল্য আৰু সমৃদ্ধি অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সমাজত এওঁলোকৰ প্ৰভাৱ বৃদ্ধি পায়৷ কামত উন্নতি কৰাৰ সুযোগ পাব৷ মা দুৰ্গাৰ পূজা কৰি সহজেই দেৱীক তুষ্ট কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ এই ৰাশিৰ জাতকৰ চৰিত্ৰৰ উল্লেখযোগ্য দিশ হৈছে তেওঁলোকৰ প্ৰৱল ইচ্ছাশক্তি৷ এওঁলোকে যি কোনো কাম প্ৰাণ দি কৰে৷ সেই কাৰণেই দেৱীৰ প্ৰিয় হয় এই ৰাশিৰ জাতক৷ বাসন্তী পূজা চলাৰ সময়ত কোনো সুখবৰ পাব পাৰে বৃশ্চিকৰ জাতকে৷ সামাজিক প্ৰতিপত্তি বাঢ়িব৷ বিৰোধীক পৰাস্ত কৰিব পাৰে৷ ৰৈ থকা কাম সম্পূৰ্ণ হব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ অধিপতি গ্ৰহ বৃহস্পতি৷ এই ৰাশিৰ জাতকে দুৰ্গাপূজাৰ সময়ত দেৱীৰ আৰাধনা কৰিলে সহজেই আশীৰ্বাদ লাভ কৰিব পাৰে৷ এই সময়ত আপুনি জীৱনত সকলোতকৈ ডাঙৰ সমস্যাৰ সমাধান কৰিব পাৰিব৷ ভাল কোনো অভিজ্ঞতা অৰ্জন কৰিব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব৷ সম্পদ আৰু সমৃদ্ধি বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















