বান্ধি দিলে ১০ কঠোৰ নিয়ম, তাৰকা খেলুৱৈ বুলি কোনেও ৰেহাই নাপায়, অন্যথা জৰিমনা
ভাৰতীয় ক্ৰিকেট জগতত এটাৰ পাছত এটালৈ আহি আছে নতুন নতুন নিয়ম। এইবাৰ জাৰি কৰিলে ১০ টা নিয়ম। সকলো খেলুৱৈয়ে মানিব লাগিব নতুনকৈ বান্ধি দিয়া এই ১০ টা কঠোৰ নিয়ম। অন্যথা ভৰিব লাগিব জৰিমনা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছতে এই নিয়ম জাৰি কৰিছে বি চি চি আইৰ ফালৰ পৰা। আনকি তাৰকা খেলুৱৈ হিচাপেও লাভ নকৰে কোনো সুবিধা।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া ৪৫ দিনতকৈ অধিক সময়ৰ বিদেশ ভ্ৰমণত খেলুৱৈয়ে মাত্ৰ দুসপ্তাহৰ বাবে পৰিয়ালক লগত লৈ যাব পাৰিব। ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক কৰা হৈছে আৰু বিদেশ ভ্ৰমণত ব্যক্তিগত কৰ্মচাৰীক নিষিদ্ধ কৰা হৈছে।
ইয়াৰ বাহিৰেও খেলুৱৈসকলে ধাৰাবাহিক খেলৰ সময়ত ব্যক্তিগত বিজ্ঞাপন শ্বুটিং কৰিব নোৱাৰিব। ১০ পইণ্টৰ এই নিয়ম মানি চলাটো বাধ্যতামূলক হ’ব। যদি খেলুৱৈয়ে এই নিয়ম নামানে তেন্তে বিচিচিআইয়ে ব্যৱস্থা কঠোৰ ল’ব। এতিয়াৰে পৰা ভ্ৰমণৰ সময়ত খেলুৱৈসকলক পৃথকে পৃথকে যাত্ৰা কৰিবলৈ দিয়া নহ’ব আৰু মেচ সোনকালে শেষ হ’লেও আগতীয়াকৈ যাবলৈ দিয়া নহ’ব।
এই নিয়ম মানি চলিব লাগিব-
১- খেলুৱৈসকলৰ পৰিয়ালসমূহ ৪৫ দিনতকৈ অধিক ভ্ৰমণত মাত্ৰ ২ সপ্তাহহে থাকিব।
২- ক্ৰিকেটাৰৰ বাবে ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক।
৩- ধাৰাবাহিক খেলৰ সময়ত খেলুৱৈসকলক ব্যক্তিগত বিজ্ঞাপন দিয়াতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
৪- ভ্ৰমণৰ সময়ত খেলুৱৈসকলক পৃথকে পৃথকে যাত্ৰা কৰিবলৈ দিয়া নহ’ব।
৫- যদিহে ভ্ৰমণ বা মেচ সোনকালে শেষ হয় তেন্তে তেওঁলোকক সোনকালে যাবলৈ দিয়া নহ’ব।
৬- দলৰ লগতে মেচ আৰু অনুশীলনত খেলুৱৈসকল একেলগে আহিব আৰু যাব।
৭- যদি খেলুৱৈয়ে ১৫০ কেজিতকৈ অধিক লাগেজ লগত লয় তেন্তে অতিৰিক্ত ধন নিজেই দিব লাগিব।
৮- ব্যক্তিগত মেনেজাৰ, ৰান্ধনী, সহায়ক আৰু নিৰাপত্তাৰক্ষীক ভ্ৰমণ বা ছিৰিজৰ পৰা নিষিদ্ধ কৰা হ’ব।
৯- বিচিচিআইৰ কাৰ্যসূচীত উপস্থিত থাকিব লাগিব।
১০- সঁজুলিসমূহ চেণ্টাৰ অৱ এক্সেলেন্সলৈ প্ৰেৰণ কৰিবলৈ দল পৰিচালনাৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ