অসম লাইভ ২৪ঃ সোণতকৈও দামী এবিধ পাচলি। বিশ্বৰ সবাতোকৈ অধিক মূল্যত বিক্ৰী হোৱা এইবিধ পাচলিৰ দাম বহু মূল্যৱান মণি-মুকুতাতকৈও অধিক। অনেক ঔষধি গুণেৰে পৰিপূৰ্ণ এইবিধ পাচলি ‘হপ শোটচ’। ভাৰততে উৎপাদন হয় এইবিধ মূল্যৱান পাচলি। বিহাৰৰ ঔৰংগাবাদত পৰীক্ষামূলকভাৱে উৎপাদন কৰা এইবিধ ‘হপ শোটচ’ বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত উপলব্ধ। ঠাই বিশেষে ইয়াক ‘হপ কৌন্স’ নামেৰেও জনা যায়। প্ৰতিকিলো ‘হপ শোটচ’ৰ বজাৰ মূল্য ১ লাখ টকা। বিভিন্ন এণ্টি-বায়’টিক ঔষধত ব্যৱহাৰ কৰা হয় দুৰ্লভ প্ৰজাতিৰ পাচলি ‘হপ শোটচ’। কেঞ্চাৰ, টি.বি.ৰ দৰে মাৰাত্মক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত অতি লাভদায়ক এই ‘হপ শোটচ’। পোনপ্ৰথমে এইবিধ পাচলিৰ খেতি আৰম্ভ হৈছিল জাৰ্মানীত। পিছলৈ সমগ্ৰ বিশ্বতেই চৰ্চিত হয় ‘হপ শোটচ’। ছিমলাতো ‘হপ শোটচ’ৰ দৰে এবিধ পাচলি পোৱা গৈছে, যাৰ নাম ‘গুচ্ছী’। বিভিন্ন ঔষধি গুণৰ বাবে প্ৰতিকিলো ‘গুচ্ছী’ বজাৰত বিক্ৰী হয় ৩০-৪০ হাজাৰ টকাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















