সপোনৰ চাকৰি এটাৰ প্ৰত্যাশা কোনে নকৰে? যদি কোৱা হয় যে চাকৰি পাবৰ কাৰণে আপোনাক বেছি কোনো শিক্ষাগত অৰ্হতা নালাগে৷ তেতিয়াতো সোণত সুৱগা চৰে৷ তেনে চাকৰিয়েই ওলাইছে দেশত৷ দৰমহা মোটা অংকৰ৷ বছৰি ৪০ লাখ টকা অৰ্থাৎ মাহিলী বেতন হ’ব ৩ লাখ ৩৩ হাজাৰ টকা৷ বাংগালুৰুৰ এক সংস্থাৰ চাকৰিৰ বিজ্ঞাপন দেখি চমকি উঠিছে বহুজন৷ বহুজনেই আবেদনৰ প্ৰক্ৰিয়াও জানিবলৈ আগ্ৰহী হৈ উঠিছে৷
জনেপ্ৰতি তৈয়াৰ কৰা হ’ব ৰিয়েল টাইম এ আই৷ এই কামৰ বাবে লাগে পাগল ইঞ্জিনিয়াৰ৷ যোগ্য প্ৰাৰ্থীক নিয়োগ কৰা হ’ব বুলি সামাজিকমাধ্যমত দিয়া হৈছে বিজ্ঞাপন৷ তাতেই লিখা পদৰ নামত ক্ৰেকড ফুল ষ্টক ইঞ্জিনিয়াৰ৷ ফলত সেই পোষ্টক ঘেৰি আৰম্ভ হৈছে চৰ্চা৷
প্ৰতিষ্ঠাতা সুদৰ্শন কামাথে এক্স হেণ্ডেলত লিখিছে, কি কি সুবিধা পাব যোগ্য প্ৰাৰ্থীয়ে৷ মূল দৰমহা ৪০ লাখ৷ অফিচত বহি কাম কৰিব লাগিব৷ যিসকলৰ কোনো অভিজ্ঞতা নাই তেওঁলোকেও আবেদন কৰিব পাৰিব বিশেষ পদটিৰ বাবে৷ কোনো কলেজৰ পৰা পঢ়াশুনা শেষ কৰা প্ৰাৰ্থী হ’ব লাগিব বুলি কোনো কথা নাই, বায়োডাটাৰো প্ৰয়োজন নাই৷ কেৱল লাগিব ১০০ শব্দৰ পৰিচয়পঞ্জি৷
কোনো কোনোৱে চাকৰিটিক চিত্তাকৰ্ষক বুলিও ধাৰণা কৰিছে যগিও বহুতেই ইয়াক ভাল হোৱা নাই বুলি দাবী কৰিছে৷ এজন সামাজিক মাধ্যম ইউজাৰকাৰীয়ে লিখিছে, ‘এয়া মুঠেও ভাল প্ৰস্তাৱ নহয়৷ পেকেজ তুলনামূলকভাৱে কম৷’ এজনে আকৌ লিখিছে, ‘এ আইয়ে যি কাম কেই ঘণ্টাৰ ভিতৰত কৰিব পাৰে তাৰবাবে এনে নিয়োগৰ কিয় প্ৰয়োজন?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ