শৰীৰত ইউৰিক এছিডৰ লেভেল স্বাভাৱিকৰ গণ্ডি পাৰ হৈ গলেই সমস্যাৰ আৰম্ভণি। ইউৰিক এছিডৰ লেভেল বাঢ়িলেই ভৰিৰ আঙুলিৰ গাঁঠি গাঁঠিয়ে বিষ হয়। বহুতৰে ভৰি হাত ফুলিও উঠে। ইয়াৰোপৰি তীব্ৰ বিষ হয়। খোজ কাঢ়িবলৈ সমস্যা হয়। এই সমস্যাৰ নাম হৈছে গাউট আৰ্থ্ৰাইটিছ।
এবাৰ এই অসুখত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শমতে ঔষধ খাব পাৰে। ইয়াৰোপৰি ডায়েটত ড্ৰাই ফ্ৰুইটছ খুবেই উপকাৰী। কেইবিধমান ড্ৰাই ফ্ৰুইটছে ইউৰিক এছিডৰ সমস্যাৰ পৰা ৰেহাই দিব পাৰে। জানি থওক কি কি ড্ৰাই ফ্ৰুইটছ স্বাস্থ্যৰ বাবে অতি উপকাৰী?
ৱালনাট
ৱালনাট বা আখৰোট হৈছে একপ্ৰকাৰৰ বাদামেই। ইয়াত আছে ওমেগা থ্ৰী ফেটি এছিডৰ ভাণ্ডাৰ। আৰু এই উপাদানৰ এণ্টিইনফ্লেমেটৰি গুণ আছে। সেয়ে ৱালটান খালে ফোলা ভাৱ কমি যায়। ইয়াৰ সৈতে বিষ বেদনাও কমে। এই বাদামৰ গুণত ইউৰিক এছিডৰ লেবেলো কমি যায়। সেয়ে সময় নষ্ট নকৰি নিয়মিত ৱালনাট খাব পাৰে।
কাজুবাদাম
এই সুস্বাদু বাদামো ইউৰিক এছিডৰ সমস্যাৰ ভুক্তভোগীসকলৰ বাবে উপকাৰী। প্ৰকৃততে ইয়াত আছে মোনোএনচুৰেটেড ফেট। আৰু এই উপাদান হাৰ্টৰ বাবে অত্যন্ত উপকাৰী। কেৱল সেয়াই নহয় ইউৰিক এছিড লেভেলক বশ কৰি গাঁঠিৰ বিষ কমোৱাতো সহায় কৰে কাজুৱে। বিশেষজ্ঞৰ মতে নিয়মিত এই বাদাম খাব লাগে। দৈনিক ৫ৰ পৰা ১০ টা কাজু বাদাম খাব পাৰে। তেনেকৈ খালে গেছ, ইউৰিক এছিডৰ সমস্যা দূৰ হয়।
পিস্তা
স্বাস্থ্যগুণত পিস্তাৰ তুলনা নাই। ইয়াত আছে অত্যন্ত উপকাৰী পলিফেনলছ আৰু ফ্লেভোনয়েডছ। আৰু এই সকলো উপাদান অক্সিডেটিভ ষ্ট্ৰেছ কমোৱাত সিদ্ধহস্ত। কেৱল সেয়াই নহয় প্ৰদান প্ৰশমিত কৰিবলৈকো সহায় কৰে এই বাদামে। ইয়াৰ সৈতে শৰীৰত থকা ফ্ৰি ৰেডিকেলছক নিষ্ক্ৰিয় কৰি দিয়া কাম কৰে পিস্তাই। ফলত বিষ কমে। ইয়াৰ সৈতেও পিস্তাৰ একাধিক গুণ আছে। সেয়ে দৈনিক পিস্তা খাব পাৰে।
আলমণ্ড
এই বাদামত আছে ডায়েটৰি ফাইবাৰৰ ভাণ্ডাৰ। এই উপাদানে হজম শক্তি বঢ়াই। ইয়াৰ সৈতে দেহত থকা অত্যধিক ইউৰিক এছিডক কিডনিৰ মাধ্যমেৰে বাহিৰ কৰি দিয়ে। কেৱল সেয়াই নহয় ইয়াত আছে ভিটামিন ইৰ ভাণ্ডাৰ। আৰু এই উপাদানে ইনফ্লামেছন কমায়। সেয়ে দৈনিক আপুনি আলমণ্ড খাব পাৰে।
খেজুৰ
মিঠা খাই ভালপোৱাসকলক বাবে অন্য়তম ড্ৰাই ফ্ৰুইট হৈছে খেজুৰ। ইয়াত আছে পটাছিয়াম আৰু ডায়েটৰি ফাইবাৰ। আৰু এই দুই উপাদানে কিডনিৰ কাৰ্যকাৰিতা বঢ়াই। সেয়ে কিডনিয়ে সহজেই ইউৰিক এছিড শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে।
Disclaimer: প্রতিবেদনটো সচেতনতাৰ উদ্দেশ্যে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামর্শ লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ