অসম লাইভ ২৪ঃ ভাৰত বায়’টেকে হ্ৰাস কৰিলে ‘কোভাক্সিন’ৰ দাম। এতিয়াৰে পৰা প্ৰতি ড’জ ভেকচিন ৪০০ টকাত লাভ কৰিব ৰাজ্য চৰকাৰসমূহে। এই কথা টুইটযোগে জনায় ভেকচিন নিৰ্মাতা ভাৰত বায়’টেকে। ক’ৰোনাৰ এই ভয়াৱহ পৰিস্থিতিত এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাৰত। এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ভাৰত বায়’টেক আৰু চিৰাম ইনষ্টিটিউটক ভেকচিনৰ দাম হ্ৰাস কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৬০০ টকাৰ পৰা ৪০০ টকালৈ হ্ৰাস কৰে প্ৰতি ড’জ ভেকচিনৰ দাম। পূৰ্বে ভাৰত বায়’টেকে ৰাজ্য চৰকাৰৰ বাবে ৬০০ টকা আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ বাবে ১২০০ টকাকৈ নিৰ্দ্ধাৰণ কৰিছিল প্ৰতি ড’জ ভেকচিনৰ দাম। ইয়াৰ পূৰ্বে চিৰাম ইনষ্টিটিউটে হ্ৰাস কৰিছিল ‘ক’ভিশ্বীল্ড’ৰ দাম। সম্প্ৰতি ৰাজ্যসমূহত ৩০০ টকাত উপলব্ধ ক’ভিশ্বীল্ড ভেকচিন।
Bharat Biotech – COVAXIN® Announcement – April 29, 2021 pic.twitter.com/RgnROIfUCe
— BharatBiotech (@BharatBiotech) April 29, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ