নিমিষা কাণ্ডৰ তদন্তত নতুন তথ্য পোহৰলৈ অহাৰ পিছতে ৰূপম শইকীয়াক আটক কৰিছে মহানগৰ আৰক্ষীয়ে। তথ্য অনুসৰি, হ*ত্যাকাণ্ড সংঘটিত হোৱা নিশা ৰূপম শইকীয়াই নিমিষা আৰু অছিক আলীৰ সৈতে হোমষ্টেৰ কোঠাত উপস্থিত আছিল। ৰূপম শইকীয়া আছিক আৰু নিমিষাৰ উমৈহতীয়া চিনাকি আছিল বুলি জানিব পৰা গৈছে। ২৫ ছেপ্টেম্বৰত ৰূপমে নিমিষা আৰু আছিকৰ সৈতে হোমষ্টেৰ কোঠাত একেলগে সুৰাপান কৰিছিল বুলি আৰক্ষীৰ তদন্তত তথ্য পোহৰলৈ আহিছে। সুৰাপান কৰাৰ পিছত ৰূপম নিশা হোমষ্টেৰ পৰা ওলাই গৈছিল আৰু নিশা প্ৰায় ৯.৪০ বজাত নিজ ঘৰলৈ গৈছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে, ৰূপম শইকীয়াৰ গাড়ীতে পূৰ্বে নিমিষা আৰু আছিকে শ্বিলঙলৈও গৈছিল। প্ৰায় ডেৰমাহ পূৰ্বে ৰূপমৰ সৈতে নিমিষা-আছিকৰ চিনাকি হৈছিল। ৰূপমৰ ভাতৃৰ সৈতে আছিক আলীৰ ঘনিষ্ঠতা আছিল বুলি জানিব পৰা গৈছে।
তদন্তৰ মাজতে ২৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৰূপম শইকীয়া বাইকেৰে আদাবাৰী অভিমুখে ওলাই গৈছিল। তাৰ পিছৰে পৰা তেওঁ সন্ধানহীন হৈ আছিল। কেইবাদিনো ধৰি পলাতক হৈ থকা ৰূপম অৱশেষত মহানগৰ আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে এতিয়া ৰূপমক জেৰা কৰি নিমিষা-আছিকৰ সৈতে তেওঁৰ সম্পৰ্ক, হ*ত্যাকাণ্ডৰ নিশাৰ ঘটনাক্ৰম আৰু পৰৱৰ্তী সময়ৰ গতিবিধি সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা পৰৱৰ্তী সময়ত চলাব পাৰে।
নিমিষা কাণ্ড সংঘটিত হোৱা হোমষ্টেৰ কৰ্মচাৰী মিণ্টু আলীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজাৰা আৰক্ষীয়ে বিগত তিনিদিন ধৰি মিণ্টুক সোধা-পোছা কৰি আছিল। ঘটনাস্থলীৰ পৰা নিশাই সুৰাৰ বটল আঁতৰোৱা বা অন্য তথ্য প্ৰমাণ নোহোৱা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় মিণ্টুক। মিণ্টুক গ্ৰেপ্তাৰৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি আদালতত হাজিৰ কৰোৱা হৈছে। আৰক্ষীৰ তদন্তত এই হোমষ্টেত নিয়ম-নীতি মানি চলা হৈছিল নে নাই, অতিথিসকলৰ প্ৰৱেশৰ সময়ত প্ৰয়োজনীয় নথি-পত্ৰ পৰীক্ষা কৰা হৈছিল নে নাই আৰু ঘটনাৰ নিশা হোমষ্টেৰ ভিতৰত কি কি ঘটিছিল, সেই বিষয়সমূহো পৰীক্ষা কৰা হৈছে।
ইফালে মহানগৰীৰ Sunflower Guest Houseতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে গেষ্ট হাউছটোৰ মেনেজাৰক গ্ৰেপ্তাৰ কৰা হৈছে। নিমিষা কাণ্ডৰ তদন্তৰ লগতে মহানগৰীৰ বিভিন্ন হোমষ্টে, লজ আৰু গেষ্ট হাউছত অতিথি প্ৰৱেশৰ নিয়ম, পৰিচয়-পত্ৰ পৰীক্ষা আৰু অন্যান্য নিৰাপত্তা ব্যৱস্থা সঠিকভাৱে পালন কৰা হৈছে নে নাই, সেই বিষয়েও আৰক্ষীয়ে নজৰ দিছে।
নিমিষা কাণ্ডৰ তদন্ত সন্দৰ্ভত DCP বলিন দেউৰীয়ে স্পষ্ট কৰি দিছে যে ঘটনাটোৰ সৈতে জড়িত কোনো লোককে সাৰি যাবলৈ দিয়া নহ’ব। তেওঁ কয় যে তদন্ত সঠিক দিশত আগবাঢ়িছে আৰু ইতিমধ্যে ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আগবাঢ়িছে। কাৰোবাৰ নাম তদন্তৰ সময়ত উত্থাপন হ’লে তেওঁকো সোধা-পোছা কৰা হ’ব বুলি DCP গৰাকীয়ে জানিবলৈ দিয়ে। DCPৰ ভাষ্য অনুসৰি, নিমিষা কাণ্ডৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত কোনো লোককে তদন্তৰ আওতাৰ বাহিৰত ৰখা নহ’ব। আৰক্ষীয়ে ঘটনাটোৰ প্ৰতিটো দিশ পৰীক্ষা কৰি আছে। এই ঘটনাৰ তদন্ত আগবঢ়াৰ লগে লগে ৰূপম শইকীয়া, মিণ্টু আলীৰ গ্ৰেপ্তাৰে তদন্তত নতুন মাত্ৰা সংযোজন কৰিছে। এতিয়া আৰক্ষীৰ জেৰাত এইসকল লোকৰ পৰা কি নতুন তথ্য পোহৰলৈ আহে আৰু তদন্ত কোন দিশে আগবাঢ়ে, সেয়া লক্ষণীয় হৈ পৰিছে।
গুৱাহাটীৰ নিমিষা-আছিক হত্যাকাণ্ডক কেন্দ্ৰ কৰি তদন্ত আগবঢ়াৰ সমান্তৰালভাৱে মহানগৰ আৰক্ষীয়েও হোমষ্টে, লজ আৰু গেষ্ট হাউছসমূহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মহানগৰীৰ পাঁচটাকৈ স্থানত হোমষ্টে আৰু লজৰ স্বত্বাধিকাৰী তথা মেনেজাৰৰ সৈতে আৰক্ষীয়ে বৈঠক অনুষ্ঠিত কৰি একাধিক নীতি-নিৰ্দেশনা জাৰি কৰিছে।
DCP বলিন দেউৰীয়ে হোমষ্টে আৰু ল’জৰ স্বত্বাধিকাৰী তথা মেনেজাৰসকলক নিয়ম-কানুন কঠোৰভাৱে মানি চলিবলৈ সকীয়াই দিছে। প্ৰতিটো কোঠাতে আৰক্ষীৰ হেল্পলাইন নম্বৰ স্পষ্টভাৱে উল্লেখ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি উপযুক্ত পৰিচয়-পত্ৰ আৰু প্ৰয়োজনীয় নথি-পত্ৰ নোহোৱাকৈ কোনো যুৱক-যুৱতীক কোঠা ভাড়া নিদিবলৈ নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ অতিথিৰ পৰিচয়-পত্ৰ, প্ৰৱেশ আৰু প্ৰস্থানৰ তথ্য আদি সঠিকভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত হোমষ্টে আৰু লজৰ কৰ্তৃপক্ষক অধিক সতৰ্ক হ’বলৈ কোৱা হৈছে। নিয়ম ভংগ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে স্পষ্ট কৰি দিছে। ইতিমধ্যে নীতি-নিয়ম উলংঘনৰ অভিযোগত নিমিষা হ*ত্যাকাণ্ড সংঘটিত ৰুদ্ৰা’ছ কিটচেন হোমষ্টে ছীল কৰা হৈছে। আৰক্ষীৰ এই পদক্ষেপে মহানগৰীৰ হোমষ্টে আৰু ল’জসমূহৰ নিৰাপত্তা ব্যৱস্থাক লৈ নতুনকৈ চৰ্চা সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















