অসম লাইভ ২৪ঃ ক’ৰোনাত আক্ৰান্ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ। হোম কোৱাৰেণ্টিন আছে মুখ্যমন্ত্ৰীগৰাকী। মঙলবাৰে এই কথা টুইটযোগে জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। টুইটাৰত বিপ্লৱ কুমাৰ দেৱে উল্লেখ কৰে, ‘মোৰ ক’ৰোনা পজিটিভ। চিকিৎসকৰ পৰামৰ্শ মানি ঘৰতেই আইচ’লেচনত আছো। সকলোলৈকে মোৰ অনুৰোধ, কোভিড সংক্ৰান্তীয় নীতি নিৰ্দেশনা মানি চলক আৰু সুস্থ থাকক’। ক’ৰোনাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে ৰাজ্যখনত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। অব্যাহত ৰাখিছে টীকাকৰণ অভিযান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ