আমাৰ জীৱনত কেতিয়াবা সাফল্য, কেতিয়াবা ব্যৰ্থতা আহেই। ওঠা-নমা, হঁহা-কন্দা জীৱনৰ অংগ। জ্যোতিষশাস্ত্ৰই কৈছে গ্ৰহৰ অনুকূল আৰু প্ৰতিকূল পৰিস্থিতিৰ প্ৰভাৱত আমাৰ জীৱনলৈ ভাল আৰু বেয়া সময় আহে। বিৰূপ গ্ৰহক শান্ত কৰিবলৈ বিভিন্ন ৰত্ন ধাৰণ কৰাৰ পৰামৰ্শ দিয়ে জ্যোতিষবিদে। সকলো ৰত্ন সকলোৰে বাবে নহয়। আজি আমি নৱৰত্নৰ অন্যতম ৰত্ন নীলম ৰত্ন ধাৰণ কৰাৰ উপকাৰিতা আৰু কোনে এই ৰত্ন ধাৰণ কৰিব পাৰে সেই সম্পৰ্কে এই প্ৰতিবেদনত আলোচনা কৰিছো।
শনিৰ ৰত্ন নীলা
নৱৰত্নৰ প্ৰতিটো ৰত্নৰ ওপৰত নৱৰত্নৰ কোনোবা নহয় কোনোবা গ্ৰহৰ প্ৰভাৱ থাকে। সেই হিচাপত নীলা হৈছৈ শনিৰ ৰত্ন। যিসকলে শনিৰ দশাত ভূগে তেওঁলোকে কোনো অভিজ্ঞ জ্যোতিষীৰ সৈতে পৰামৰ্শ কৰি নীলম ধাৰণ কৰিব পাৰে। এই ৰত্ন ধাৰণ কৰিলে জীৱনত শান্তি আৰু স্থিতিশীলতা আহে, উন্নতি হয় আৰু আত্মবিশ্বাস বাঢ়ে। নীলম কিন্তু সকলোৰে সহ্য নহয়। জানি থওক কোন কোন ৰাশিৰ জাতকৰ বাবে নীলম উপকাৰী।
এই ৪ৰাশিৰ বাবে নীলম উপকাৰী
বৃষ ৰাশি
বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ। শুক্ৰ আৰু শনিৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ। বৃষ ৰাশিৰ জাতকৰ জন্মছকত শনি দুৰ্বল স্থানত থাকিলে নীলম ধাৰণ কৰিব পাৰে। নীলম পিন্ধিলে এওঁলোকৰ আৰ্থিক উন্নতি হব আৰু আত্মবিশ্বাস বাঢ়িব।
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক বুদ্ধিমান আৰু চিন্তাশীল। নীলমে এওঁলোকৰ সিদ্ধান্ত লোৱাৰ ক্ষমতাক আৰু মজবুত কৰে আৰু কামত সাফল্য আনি দিয়ে। নীলম পৰিধান কৰিলে আৰ্থিক উন্নতি আৰু মনঃসংযোগৰ ক্ষমতা বাঢ়িব।
মকৰ ৰাশি
মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি। সেই কাৰণেই শনিৰ ৰত্ন নীলম ধাৰণ এওঁলোকৰ বাবে অত্যন্ত লাভজনক। নীলম পিন্ধিলে ইয়াৰ সাফল্য লাভ কৰিব আৰু কেৰিয়াৰত উন্নতি কৰিব।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি। নীলম এই ৰাশিৰ জাতকৰ বাবে অত্যন্ত উপকাৰী। নীলম ধাৰণ কৰিলে এওঁলোকৰ ভাগ্য খুলিব আৰু কোনো ধৰণৰ বাধা অবিহনেই সাফল্য অৰ্জন কৰিব পাৰে।
নীলম ধাৰণ কৰাৰ পদ্ধতি
সঠিক পদ্ধতি মানি নীলম ধাৰণ কৰা উচিত। পূৰ্বে নীলম গংগাজল ডুবাই শোধন কৰি লওক। শনিবাৰে এই ৰত্ন ধাৰণ কৰা উচিত। অনামিকা বা মধ্যমাত নীলম ধাৰণ কৰক। নীলম ধাৰণ কৰাৰ সময়ত ১১ বা ১০৮ বাৰ ওম শ্যাম শনিশ্চৰায় নমহঃ মন্ত্ৰ জপ কৰক। কোনো অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ অবিহনে ভুলতো নীলম ধাৰণ নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















