অসম লাইভ২৪ঃ দক্ষিণী ইণ্ডাষ্ট্ৰিৰ পৰা বলীউড৷ ৰশ্মিকা মণ্ডানা আৰু বিজয় দেৱৰাকুণ্ডা বহুতৰেই প্ৰিয় অভিনেতা অভিনেত্ৰী তালিকাত শীৰ্ষত৷ বিজয় আৰু ৰশ্মিকাৰ প্ৰেমৰ গুঞ্জৰে মাজতে চৰ্চাও লাভ কৰিছিল৷ দুয়োৱে বিষয়টো সন্দৰ্ভত মুকলিকৈ নকলেও এয়া যেন অপেন ছিক্ৰেট৷ কৰণ জোহাৰৰ কফি ওইথ কৰণৰ পৰা মলদ্বীপৰ ৰিজৰ্টলৈকে দুয়োৱে একেলগে যাত্ৰা কৰাই বহু কথা কয়৷
পৰিয়ালৰ সৈতেও ৰশ্মিকা আৰু বিজয়ক একেলগে বহুবাৰ দেখা গৈছে৷ অনুৰাগীসকলৰ অন্যতম প্ৰিয় যুঁটি বিজয়-ৰশ্মিকা৷ কিন্তু শেহতীয়াভাৱে দুয়োৰে সম্পৰ্কত যেন ফাঁট মেলিছে৷ শেহতীয়াভাৱে ৰশ্মিকাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা পোষ্টটোৱে যেন তাৰেই ইংগিত দিছে৷ ইনষ্টাগ্ৰামত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে ৰশ্মিকাই৷ ভিডিঅ’টোত প্ৰাক্তন এন এফ এল খেলুৱৈ ট্ৰেণ্ট শেল্টনে কৈছে, ‘কেতিয়াবা কেতিয়াবা কিছু সম্পৰ্ক শেষ নহ’লে নতুন সম্পৰ্ক আৰম্ভ নহয়৷ কেতিয়াবা কেতিয়াবা এজন যোগ্য মানুহক জীৱনলৈ অহাৰ সুযোগ দিবৰ বাবে কোনো এজন অযোগ্য মানুহৰ হাত এৰাটো জৰুৰী৷ কঠিন বাটেৰে খোজ কাঢ়িলেহে মসৃণ এক গন্তব্যস্থানত আপুনি উপস্থিত হ’ব পাৰে৷ ভাঙি পৰাৰ সময়ত নিজৰে সামৰি ৰাখক, সেই সময়খিনিত নিজকে সামৰি আগবাঢ়িলে আপুনি গমেই নাপাব কেতিয়া আহি আপুনি গন্তব্যস্থান পালেহি৷ আমি বিচাৰো আপুনি সেই কথা বুজি উঠক৷ আজি আপুনি যি পৰিস্থিতিত আছে, সেয়াই আপোনাৰ অন্তিম গন্তব্যস্থান নহয়৷ যি দুখ যন্ত্ৰণাৰ মাজেৰে আপুনি অতিক্ৰম কৰিছে সেই সময়খিনিক প্ৰত্যাহ্বান জনাবলৈকে আপুনি আজিটোক শক্তিশালী কৰক৷’
ৰশ্মিকাই এই কথাখিনিয়েই ইনষ্টাগ্ৰাম ষ্টৰীত শ্বেয়াৰ কৰিছে৷ এই ভিডিঅ’টো দেখা মাত্ৰকেই কৌতুহল বাঢ়িছে অনুৰাগীৰ মনতো৷ পৰোক্ষভাৱে এই কথাখিনি বিজয়ক উদ্দেশ্য কৰিয়েই ৰশ্মিকাই কথাখিনি কৈছে বুলিও বহুতেই সন্দেহ প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ