বিবাহবাহৰ হাঁহি খিকিন্দালিৰে ভৰি আছিল৷ সকলো অতিথি ব্যস্ত আছিল খোৱাবোৱা, নাচগানত৷ তেনেতে হঠাৎ প্ৰৱেশ কৰে এজন ব্যক্তি আৰু লগে লগে বিস্ফোৰণ৷ আনন্দ নিমিষতে বিষাদত পৰিণত হ’ল৷ বিবাহবাহৰৰ মাজত পৰি থাকিল ডোঙা ডোঙা তেজ৷ ঘটনা খাইবাৰ পাছতুনখোৱাৰ ঘটনা৷ এই বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে কমেও ৫জন লোকে৷ আহত হৈছে প্ৰায় ২৫ জন৷ প্ৰশাসনৰ সন্দেহ তিৰ তেহৰিক ই তালিবানৰ দিশেই৷ নিহতসকলৰ মাজত আছে পাকিস্তান আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা এক তালিব আৰু শান্তি কমিটিৰ সদস্য৷
আৰক্ষীয়ে জনাইছে যে বিস্ফোৰণ ঘটিছে চৰকাৰ সমৰ্থিত শান্তি সংগঠনৰ প্ৰধান নুৰ আলম মেহছুদৰ ঘৰত৷ উত্তৰ-পশ্চিম পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ ডেৰা ইছমাইল খান জিলাত থকা তেওঁৰ নিজগৃহত৷ আত্মঘাটী বিস্ফোৰণৰ বিষয়টো নিশ্চিত কৰিছে ডেৰা ইছমাইল খান জিলা আৰক্ষীৰ অধিকাৰী ছাজ্জাদ আহমেদ ছাহিবজাদাই৷ এই ঘটনাক লৈ সমগ্ৰ পাকিস্তানেই আতংকিতও হৈছে৷ স্থানীয় সূত্ৰৰ পৰা জনা গৈছে যে শুকুৰবাৰে সন্ধিয়া বিবাহবাহৰত নাচগান চলি আছিল৷ সেই সময়তে হঠাৎ বিস্ফোৰণত ভাঙি পৰে ছাদ৷ ভগ্নস্তূপত আৱদ্ধ হৈ পৰে বহু অতিথি৷ উদ্ধাৰ কৰিবলৈ গৈ সমস্যাত পৰিব লগা হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল৷
এতিয়াও কোনো সন্ত্ৰাসবাদী গোটে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ প্ৰশাসনৰ অধিকাৰীসকলৰ একাংশৰ সন্দেহ এই ঘটনাৰ নেপথ্যত আছে তেহৰিক ই তালিবান পাকিস্তান৷ ভাল তালিব আৰু শান্তি কমিটিৰ সদস্যসকলক টাৰ্গেট কৰিয়েই এই বিস্ফোৰণ কৰোৱা হৈছে বুলি দাবী একাংশৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















