• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

3 weeks ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

7 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

8 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

8 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

9 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

10 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

11 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

12 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

12 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

13 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

14 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

15 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

চিকিৎসা বিজ্ঞানৰ দৃষ্টিত শৰীৰৰ অভ্যন্তৰীণ শক্তি, ষ্টেমিনা আৰু সহনশীলতা বৃদ্ধিৰ উপায়

editor by editor
June 23, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জাংক ফুড, নিচাজাতীয় বিভিন্ন খাদ্য সেৱন, দৈনিক বাঢ়ি অহা ব্যস্ততাৰে ভৰা জীৱন পঞ্জীকে ধৰি বিভিন্ন কাৰকৰ বাবে আমাৰ শৰীৰটো এসময়ত হাৰি যায়। মানুহৰ শৰীৰটো এটা জটিল জৈৱিক যন্ত্ৰ। এই যন্ত্ৰটোৱে সঠিকভাৱে কাম কৰিবলৈ শক্তি, পুষ্টি, বিশ্ৰাম আৰু শাৰীৰিক সক্ৰিয়তাৰ প্ৰয়োজন হয়। বহুতে ভাবে যে অধিক শক্তিশালী বা অধিক ষ্টেমিনা সম্পন্ন হ’বলৈ বিশেষ টনিক, শক্তিবৰ্ধক ঔষধ বা দামী ছাপ্লিমেণ্টৰ প্ৰয়োজন। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানৰ মতে, অধিকাংশ সুস্থ ব্যক্তিৰ ক্ষেত্ৰত শক্তি আৰু ষ্টেমিনাৰ মূল উৎস হৈছে সুষম খাদ্য, পৰ্যাপ্ত টোপনি, নিয়মীয়া ব্যায়াম আৰু স্বাস্থ্যকৰ জীৱনশৈলী। শৰীৰত শক্তি উৎপন্ন হয় মূলতঃ আমি খোৱা খাদ্যৰ পৰা। খাদ্যৰ কাৰ্বহাইড্ৰেট, প্ৰ’টিন আৰু চৰ্বিক শৰীৰে ভাঙি কোষসমূহলৈ শক্তি হিচাপে যোগান ধৰে। এই শক্তিৰ সহায়তেই আমি খোজ কাঢ়ো, কাম কৰোঁ, চিন্তা কৰোঁ, খেল-ধেমালি কৰোঁ আৰু দৈনন্দিন জীৱন চলাই থাকোঁ।

ষ্টেমিনা কি আৰু ইয়াৰ গুৰুত্ব কি?

ষ্টেমিনা (Stamina) হৈছে শৰীৰে দীৰ্ঘ সময় ধৰি কোনো কাম কৰি যাব পৰা ক্ষমতা। অৰ্থাৎ কম ভাগৰ লগাকৈ অধিক সময় সক্ৰিয় হৈ থাকিব পৰা ক্ষমতাকেই ষ্টেমিনা বুলি কোৱা হয়। শৰীৰ ভাল ষ্টেমিনা থাকিলে দীৰ্ঘ সময় কাম কৰিব পাৰি, খেল-ধেমালি বা ব্যায়ামত ভাল প্ৰদৰ্শন কৰিব পাৰি, মানসিক একাগ্ৰতা বৃদ্ধি পায়, দিনটোৰ শেষলৈও শক্তি বজাই ৰাখিব পাৰি। ইয়াৰ উপৰিও শীৰৰত ষ্টেমিনা থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হয়।
ষ্টেমিনা বা শক্তি বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পুষ্টি উপাদান
১. কাৰ্বোহাইড্ৰেট
শৰীৰত ষ্টেমিনা বৃদ্ধিৰ বাবে কাৰ্বহাইড্ৰেট খুবেই জৰুৰী। কাৰ্বহাইড্ৰেটৰ মূল উৎসসমূহৰ ভিতৰত হৈছে-ভাত, ৰুটি, চিৰা, oats,আলু, মিঠা আলু, কল ইত্যাদি। কাৰ্বহাইড্ৰেটৰ পৰা উৎপন্ন হোৱা গ্লুক’জেই শৰীৰৰ কোষসমূহৰ প্ৰধান শক্তিৰ উৎস।
২. প্ৰ’টিন
প্ৰ’টিনে পেশী গঠন আৰু ক্ষয়পূৰণত সহায় কৰে। প্ৰ’টিনৰ মূল উৎসসমূহ হৈছে-কণী, মাছ, মাংস, দাইল, ছয়াবিন, গাখীৰ, পনীৰ আদি। যিসকল ব্যক্তিয়ে নিয়মীয়া ব্যায়াম কৰে, তেওঁলোকৰ বাবে প্ৰ’টিন বিশেষভাৱে প্ৰয়োজনীয়।


৩. স্বাস্থ্যকৰ চৰ্বি
চৰ্বিয়ে শৰীৰত কেৱল মেদ বৃদ্ধি নকৰে; ই শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ শক্তিৰ উৎস হিচাপে কাম কৰে। স্বাস্থ্যকৰ চৰ্বিৰ উৎসসমূহৰ ভিতৰত হৈছে-বাদাম, কাজু, অখৰোট, তিল, চিনাবাদাম, মাছৰ তেল আদি।
৪. ভিটামিন আৰু খনিজ লৱণ
ভিটামিন আৰু খনিজ পদাৰ্থই শক্তি উৎপাদন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিশেষকৈ—ভিটামিন B12,ভিটামিন D, আইৰন, মেগনেছিয়াম, জিংক এইবোৰৰ অভাৱ হ’লে দুৰ্বলতা আৰু ক্লান্তি দেখা দিব পাৰে। সহজলভ্য আৰু সস্তীয়া শক্তিবৰ্ধক খাদ্য য’ত এই উপাদানসমূহ থাকে তেনে খাদ্যৰ ভিতৰত প্ৰধান হৈছে কল। কলত প্ৰাকৃতিক চেনি, পটাছিয়াম থাকে। তৎক্ষণাতভাৱে শৰীৰত শক্তি দিয়ে। পেশীৰ সংকোচন স্বাভাৱিক ৰাখে। এনে আন এবিধ উপাদান হৈছে খেজুৰ। খেজুৰক প্ৰাকৃতিক শক্তিৰ ভাণ্ডাৰ বুলি কোৱা হয়।
খেজুৰত গ্লুক’জ, ফ্ৰুক্ট’জ, আইৰন, মেগনেছিয়াম ইত্যাদি থাকে। আনহাতে কণীক সম্পূৰ্ণ খাদ্য হিচাপে ধৰা হয় কণীত উচ্চমানৰ প্ৰ’টিন থাকে। লগতে ভিটামিন B12, ক’লিন, স্বাস্থ্যকৰ চৰ্বিও ভৰপূৰ মাত্ৰাত থাকে কণী। ইয়াৰ উপৰিও গাখীৰত প্ৰায় সকলো ধৰণৰ পুষ্টি উপাদান থাকে। ইয়াৰ উপৰিও দাইল, মাছ, সেউজীয়া শাক-পাচলি আদি খালেও প্ৰচুৰ পৰিমানে শৰীৰত ষ্টেমিনা বৃদ্ধি হয়।

কি কি খাদ্য কম খাব লাগে?

অতিমাত্ৰা চেনিযুক্ত খাদ্য, ক’ল্ড ড্ৰিংক, এনৰ্জী ড্ৰিংক, মিঠাই, আইচক্ৰীম আদি খাদ্য পৰালৈকে এৰিব লাগে। অতিমাত্ৰা ভজা-পোৰা খাদ্য যেন-পকোৰা, চিপছ, বিভিন্ন ফাষ্ট ফুড আদিও শৰীৰ বাবে অনুকল খাদ্য নহয়। ই হজমত অধিক সময় লয় আৰু অলসতা বৃদ্ধি কৰে। অতিমাত্ৰা চাহ আৰু কফি কফিও এই ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক সেৱন কৰিব নালাগে। কফিত অধিক কেফেইন থাকে। অধিক কেফেইনে টোপনি নষ্ট কৰে, উদ্বেগ বৃদ্ধি কৰে, হৃদস্পন্দন বঢ়ায়।

শক্তি বা ষ্টেমিনা বৃদ্ধিৰ বাবে জীৱনশৈলীৰ পৰিবৰ্তন কৰাটো জৰুৰী

পৰ্যাপ্ত টোপনি মৰাটো নিত্যান্তই প্ৰয়োজন। এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক ৭–৯ ঘণ্টা টোপনি যোৱাটো জৰুৰী। নিয়মীয়া ব্যায়াম যেনে প্ৰতিদিনে কমেও ৩০ মিনিট খোজ কঢ়া, জগিং কৰা, চাইকেল চলোৱা, যোগাসন, সাঁতোৰা ইত্যাদি কৰিব লাগে। পৰ্যাপ্ত পানী খাব লাগে। পানীৰ অভাৱে ক্লান্তি, মূৰ ঘূৰোৱা, মনোযোগ হ্ৰাস কৰাৰ দৰে সমস্যাৰ সৃষ্টি কৰে। দৈনিক ২.৫–৩.৫ লিটাৰ পানী পান কৰাটো উপকাৰী। ষ্টেমিনা বৃদ্ধিৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো জৰুৰী। দীৰ্ঘদিনীয়া মানসিক চাপে কৰ্টিছল নামৰ হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত ক্লান্তি আৰু দুৰ্বলতা বাঢ়ে। ধ্যান, প্ৰাণায়াম, যোগাসন, প্ৰকৃতিৰ মাজত সময় কটোৱা আদি প্ৰক্ৰিয়াৰে মানসিক চাপ হ্ৰাস কৰিব পাৰি।

শক্তি কমি যোৱাৰ সম্ভাৱ্য চিকিৎসাজনিত কাৰণ

কেতিয়াবা খাদ্যৰ অভাৱৰ উপৰিও কোনো ৰোগৰ বাবেও শক্তি ষ্টেমিনা কমি যায়। ইয়াৰ ভিতৰত মূল হৈছে ৰক্তহীনতা (Anaemia), ডায়েবেটিছ, থাইৰইড ৰোগ, ভিটামিন B12ৰ অভাৱ, ভিটামিন Dৰ অভাৱ, হৃদৰোগ, কিডনী ৰোগ, দীঘলীয়া মানসিক চাপ, যদি বহুদিন ধৰি অত্যধিক ক্লান্তি, ওজন কমি যোৱা বা দুৰ্বলতা থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসা বিজ্ঞানৰ মতে শৰীৰৰ অভ্যন্তৰীণ শক্তি, সহনশীলতা আৰু ষ্টেমিনা বৃদ্ধি কৰাৰ বাবে কোনো যাদুকৰী খাদ্য বা টনিক নাই। সুষম খাদ্য, কণী, মাছ, দাইল, গাখীৰ, কল, খেজুৰ, বাদাম, শাক-পাচলি, পৰ্যাপ্ত পানী, নিয়মীয়া ব্যায়াম, মানসিক চাপ নিয়ন্ত্ৰণ আৰু ৭–৯ ঘণ্টা টোপনিয়েই হৈছে শক্তিশালী আৰু সুস্থ শৰীৰ গঢ়াৰ আটাইতকৈ নিৰ্ভৰযোগ্য আৰু বৈজ্ঞানিকভাৱে প্ৰমাণিত উপায়। নিয়মিতভাৱে এই অভ্যাসসমূহ পালন কৰিলে শৰীৰত স্বাভাৱিকভাৱে শক্তি বৃদ্ধি পায়, পেশী মজবুত হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হয় আৰু দৈনন্দিন জীৱনত অধিক সতেজতা অনুভৱ কৰা যায়।

বিভিন্ন  চিকিৎসা বিশেষজ্ঞৰ তথ্যৰ সহায়ত এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’
বিনোদন

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

July 13, 2026
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

July 13, 2026
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
Next Post
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

'ৱৰ্ক ফৰ্ম হোম' পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.