প্ৰেমিকাৰ সৈতে সময় কটাবলৈ প্ৰেমিকে বুক কৰিলে OYO কোঠা, কিছু সময় কটালে, পাছে…
প্ৰেমিকাৰ সৈতে কিছু সময় কটাও বুলি এখন হোটেলৰ OYO কোঠা বুক কৰিলে প্ৰেমিকে। সেই উদ্দেশ্যে প্ৰেমিকাৰ সৈতে উপস্থিত হয় দুয়ো। কিছু সময়ো কটাই। পাছে দুদিন পাছত এক আচৰিত ঘটনা ঘটি যায়, যি ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে চাৰিওফালে।
উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ পৰা আহিছে এই খবৰ। হোটেলত সময় কটোৱা এহাল প্ৰেমিক প্ৰেমিকাৰ খবৰে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি সদ্যহতে দুয়ো প্ৰেমিক-প্ৰেমিকাৰ মৃত্যু হৈছে।
৫ জুন তাৰিখে প্ৰেমিকাৰ মৃতদেহ সেই ভাৰা কোঠাত উদ্ধাৰ হোৱাৰ পাছৰে পৰা চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘৰৰ পৰা ৩ জুন তাৰিখে ওলাই আহিছিল প্ৰেমিক প্ৰেমিকাহাল। OYO কোঠা বুক কৰি সময় কটাই দুয়ো। পাছত প্ৰেমিকে বাহিৰৰ পৰা কোঠা তলা বন্ধ কৰি অকলেই সেই কোঠাৰ পৰা ওলাই যায়।
আনহাতে দুদিন ধৰি কোঠাৰ দৰ্জা নোখোলাত হোটেলৰ মালিকৰ কিছু সন্দেহ হোৱাত তাৰোপৰি কোঠাৰ পৰা সামান্য দুৰ্গন্ধ ওলোৱাত দৰ্জা ভাঙি কোঠাৰ ভিতৰত সোমাই কোঠাৰ বিচনাত যুৱতীৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে হুৱাদুৱা লাগি যায়। আৰক্ষীকো খবৰ কৰা হয় ঘটনা সন্দৰ্ভত।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। যুৱতীৰ সৈতে শেষ সময়ত থকা প্ৰেমিকৰ ওপৰত হত্যাৰ সন্দেহ কৰি সন্ধানত নামি পৰে আৰক্ষী।
পাছে ৬ জুন তাৰিখে আৰক্ষীৰ সন্ধানত ওলাই আন এক খবৰ। প্ৰেমিক যুৱকেও দুদিন পূৰ্বে ৰেলৰ আগত পৰি নিজকে শেষ কৰি দিছে। যাৰ বাবে ৰহস্যৰে আবৰি পৰিছে ঘটনা। আৰক্ষীয়ো বিমোৰত পৰিছে ঘটনাৰ তদন্তৰ নামত।
কোনে কাক হত্যা কৰিলে, কিয় দুয়োৰে মৃতদেহ উদ্ধাৰ হয়, কিয় তেনেদৰে ঘৰৰ পৰা ওলাই আহিল সকলো এতিয়া ৰহস্যৰ আৱৰ্তত। তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তত হে প্ৰকাশ পাব ঘটনাৰ সত্যতা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ