প্ৰতি বছৰে সমগ্ৰ দেশতে ভক্তি আৰু উৎসাহেৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। এই বিশেষ দিনটোত ভক্তসকলে লাড্ডু গোপালক নতুন বস্ত্ৰ পিন্ধাই, বিভিন্ন অলংকাৰেৰে সজাই আৰু প্ৰসাদ আগবঢ়াই পূজা কৰে। জন্মাষ্টমীৰ প্ৰস্তুতি বহু ঘৰত কেইবাদিনো আগৰ পৰাই আৰম্ভ হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত কিছুমান বস্তু ঘৰ বা পূজাস্থলীত ৰখাটো শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এই সামগ্ৰীসমূহে ঘৰত ভক্তিময় আৰু ইতিবাচক পৰিৱেশ সৃষ্টি কৰে। জন্মাষ্টমীৰ সময়ত এই ৫টা বস্তু ঘৰলৈ আনিব পাৰে।
১. ময়ুৰৰ পাখি
ময়ুৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। কৃষ্ণৰ মুকুটত ময়ুৰৰ পাখি থকা ৰূপটো অতি জনপ্ৰিয়। সেয়ে জন্মাষ্টমীৰ সময়ত ময়ুৰৰ পাখি ঘৰলৈ অনাটো শুভ বুলি বহুতে বিশ্বাস কৰে। পূজাস্থলীত ময়ুৰৰ পাখি ৰাখিব পাৰে। বহু ভক্তই লাড্ডু গোপালৰ মুকুট বা অলংকাৰতো ময়ুৰৰ পাখি ব্যৱহাৰ কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি, ইয়াক ঘৰত ৰাখিলে ইতিবাচক পৰিৱেশ বজাই ৰখাত সহায় কৰে।
২. বাঁহী
ভগৱান শ্ৰীকৃষ্ণৰ সৈতে বাঁহীৰ সম্পৰ্ক সকলোৰে পৰিচিত। কৃষ্ণক ‘মুৰলীধৰ’ বুলিও কোৱা হয়। তেওঁৰ বাঁহীক প্ৰেম, মধুৰতা আৰু ভক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। জন্মাষ্টমীৰ পূৰ্বে এখন সৰু বাঁহী ঘৰলৈ আনি লাড্ডু গোপালৰ ওচৰত বা পূজাস্থলীত ৰাখিব পাৰে। বিশ্বাস অনুসৰি, বাঁহী ঘৰত ৰখাটো সুখ, শান্তি আৰু পাৰস্পৰিক মৰমৰ প্ৰতীক।
৩. তুলসী গছ
হিন্দু ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। ভগৱান বিষ্ণুৰ পূজাত তুলসী পাত ব্যৱহাৰ কৰা হয় আৰু শ্ৰীকৃষ্ণক বিষ্ণুৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। সেয়ে কৃষ্ণ পূজাতো তুলসীৰ বিশেষ স্থান আছে। জন্মাষ্টমীৰ সময়ত ঘৰত তুলসী গছ ৰোপণ কৰা বা থকা তুলসী গছৰ যত্ন লোৱাটো শুভ বুলি বিশ্বাস কৰা হয়। ধৰ্মীয় দৃষ্টিকোণৰ পৰা তুলসীক পবিত্ৰতা আৰু ইতিবাচকতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
৪. গো আৰু পোৱালিৰ মূৰ্তি
শ্ৰীকৃষ্ণৰ শৈশৱৰ সৈতে গৰু আৰু গোপাল জীৱনৰ গভীৰ সম্পৰ্ক আছে। গোকুল আৰু বৃন্দাবনত কৃষ্ণই গৰু চৰাইছিল বুলি ধৰ্মীয় কাহিনীত উল্লেখ আছে। সেইবাবেই তেওঁক ‘গোপাল’ আৰু ‘গোবিন্দ’ নামেৰেও জনা যায়। জন্মাষ্টমীৰ সময়ত গৰু আৰু পোৱালিৰ মূৰ্তি বা ছবি ঘৰলৈ অনাটো শুভ বুলি বহুতে বিশ্বাস কৰে। এই মূৰ্তিয়ে কৃষ্ণৰ গোপাল ৰূপক স্মৰণ কৰাই দিয়ে আৰু ঘৰত শান্তি-সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
৫. লাড্ডু গোপালৰ নতুন পোছাক আৰু অলংকাৰ
জন্মাষ্টমীৰ দিনা লাড্ডু গোপালক শিশুৰ ৰূপত বিশেষভাৱে সজোৱা হয়। এই উপলক্ষে নতুন বস্ত্ৰ, মুকুট, বাঁহী, অলংকাৰ আদি কিনি আনি তেওঁক সজাব পাৰে। ঘৰত ইতিমধ্যে লাদ্দু গোপাল থাকিলে জন্মাষ্টমীৰ দিনা তেওঁৰ বাবে নতুন সাজ-পোছাক বা অলংকাৰ অনাটো ভক্তসকলৰ মাজত এক জনপ্ৰিয় পৰম্পৰা।
এই সামগ্ৰীসমূহৰ ধৰ্মীয় তাৎপৰ্য কি?
জন্মাষ্টমী কেৱল শ্ৰীকৃষ্ণৰ জন্ম উদযাপনৰ দিন নহয়, ই ভক্তি, প্ৰেম আৰু আনন্দৰো উৎসৱ। ময়ুৰৰ পাখি কৃষ্ণৰ অনন্য ৰূপৰ সৈতে জড়িত, বাঁহী প্ৰেম আৰু মধুৰতাৰ প্ৰতীক, তুলসী পবিত্ৰতা আৰু ভক্তিৰ প্ৰতীক। একেদৰে গৰু-পোৱালিৰ মূৰ্তিয়ে কৃষ্ণৰ গোপাল ৰূপক স্মৰণ কৰায়। সেয়ে জন্মাষ্টমীৰ সময়ত এই সামগ্ৰীসমূহ ঘৰলৈ অনাৰ পৰম্পৰা বহু ভক্তই পালন কৰে। অৱশ্যে এইবোৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ ওপৰত আধাৰিত; ইয়াৰ ফলাফল ব্যক্তিভেদে বিশ্বাসৰ বিষয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















