মূল্যবৃদ্ধিৰ চাপৰ পৰা ৰেহাই পাবলৈ চৰকাৰী টেলিকম অপাৰেটৰ BSNLৰ ফালে ঢাল খাইছে লাখ লাখ গ্ৰাহক৷ জিঅ’, এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ দাম বঢ়োৱাৰ পাছতেই BSNLলৈ পোৰ্ট কৰাৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ BSNLৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগেই পৰিসেৱা সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই৷
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, ‘BSNLৰ গ্ৰাহকৰ সংখ্যা পূৰ্বৰ তুলনাত বাঢ়িছে৷ ইতিমধ্যেই 4G পৰিসেৱা দিবলৈ আগবাঢ়িছে এই সংস্থাই৷ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত নিজস্ব 5G প্ৰযুক্তি প্ৰস্তুত কৰাৰ পৰিকল্পনাও কৰিছে BSNLয়ে৷ পুনৰ চৰকাৰী টেলিকম সংস্থাৰ গ্ৰাহক বৃদ্ধি হোৱাটোৱে তেওঁলোকক কামত উৎসাহ দিছে৷ বিশেষজ্ঞৰ ধাৰণা যে ইয়াৰ ফলত মনোবল বাঢ়িব সংস্থাৰ৷’
BSNLৰ 4G আৰু 5G ৰোডমেপ নিৰ্মাণ
পুৰণি পৰিকাঠামো সলনি কৰি নতুন পৰিকাঠামো আৰু টাৱাৰ স্থাপনৰ কাম আৰম্ভ কৰিছে BSNLয়ে৷ কেন্দ্ৰৰ দাবী, সংস্থাৰ 4G আৰু 5G নেটৱৰ্কো স্থানান্তৰ কৰা হ’ব৷ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই সন্দৰ্ভত কয় যে, আত্মনিৰ্ভৰ ভাৰতৰ অধীনত BSNLৰ নিজস্ব 4G নেটৱৰ্ক প্ৰস্তুত হৈ আছে৷ 4G ষ্টক, কোৰ চিষ্টেম আৰু নেটৱৰ্ক পৰিকাঠামো যাক সন্মিলিতভাৱে কোৱা হয় ৰেডিয়েশ্ব্যন এক্সেছ নেটৱৰ্ক৷ এই পৰিকাঠামো গঢ়ি তোলাৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে সংস্থাই৷
আগন্তুক ৬ৰ পৰা ১২ মাহৰ ভিতৰত দেশৰ সৰ্বত্ৰ 4G পৰিসেৱা পোৱা যাব বুলি দাবী সংস্থাৰ৷ এই 4G নেটৱৰ্ক যিমান দ্ৰুত বাস্তবায়ন হ’ব সিমান সোনকালে 5G পৰিসেৱা আৰম্ভ কৰিব পাৰিব BSNLয়ে৷ যদিও এই ক্ষেত্ৰত এতিয়াও বহু আধুনিক পৰিকাঠামো আৰু সঠিক ৰোডমেপৰ দৰকাৰ বুলি ধাৰণা কৰিছে বিশেষজ্ঞই৷
দেশজুৰি 4G নেটৱৰ্ক বহোওৱাৰ বাবে BSNLৰ সৈতে যুঁটীয়াভাৱে কাম কৰিব TCS, তেজাছ নেটৱৰ্ক আৰু C-DOTৰ দৰে দেশীয় সংস্থাই৷ সংবাদমাধ্যমৰ ৰিপৰ্টত প্ৰকাশ পোৱা অনুসৰি চলিত বছৰৰ অক্টোবৰৰ মাজত ৮০ হাজাৰ 4G টাৱাৰ বহোওৱাব BSNLয়ে৷ আৰু ২০ হা়জাৰ টাৱাৰ বহুওৱা হ’ব মাৰ্চ ২০২৫ৰ মাজত৷ যিয়ে পৰিসেৱা উন্নত কৰাৰ ওপৰিও বেছৰকাৰী সংস্থাসমূহৰ দৌৰত টিকি থকাৰ দৌৰত সহায় কৰিব BSNLক৷
বিগত জুলাইত ৰিচাৰ্জৰ দাম বঢ়োৱাৰ সিদ্ধান্ত লৈছে দেশৰ তিনি শীৰ্ষস্থানীয় টেলিকম সংস্থাই৷ যাৰ ফলত বহু গ্ৰাহকে BSNLলৈ পোৰ্ট কৰিবলৈ বাধ্য হৈছে৷ বিগত মাহত প্ৰকাশিত ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি ২লাখ ৫০হাজাৰ মানুহে অন্য ছিমৰ পৰা BSNLলৈ পোৰ্ট কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ