বুমৰাহ অনুৰাগীলৈ দুখবৰ, মুম্বাই ইণ্ডিয়ানছ দল চিন্তাত
আই পি এল ২০২৫ৰ পূৰ্বে ৫ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ দল ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। দলটোৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহক লৈ আহিছে বেয়া খবৰ। মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এল ২০২৫ৰ প্ৰথম কেইখনমান মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব যশপ্ৰীত বুমৰাহে।
কাৰণ এতিয়াও পিঠিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই বুমৰাহ। মুম্বাই ইণ্ডিয়ানছ আৰু ইয়াৰ অনুৰাগীৰ বাবে এয়া এক ডাঙৰ আঘাত।
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এই আঘাতৰ সন্মুখীন হৈছিল বুমৰাহ। ৫খন মেচৰ শৃংখলাৰ অন্তিমখন মেচত বুমৰাহ এই আঘাতৰ সন্মুখীন হৈছিল, যাৰ বাবে পিছত আৰু খেলপথাৰত নামিব নোৱাৰে খেলুৱৈগৰাকীয়ে।
এই আঘাতৰ বাবে বুমৰাহক ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰাও বাদ দিবলগীয়া হৈছিল। এতিয়া তেওঁৰ আই পি এল ২০২৫ৰ প্ৰাৰম্ভিক মেচসমূহৰ পৰা বাহিৰ হোৱাৰ খবৰ আহিছে।
বিচিচিআইয়ে তাৰকা বলাৰগৰাকীৰ ফিটনেছৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে কিয়নো আইপিএলৰ পিছত জুন মাহত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া আছে টিম ইণ্ডিয়াই। এনে পৰিস্থিতিত বি চি চি আইৰ টিম মেনেজমেণ্ট আৰু মেডিকেল টিমে বুমৰাহ সন্দৰ্ভত কোনো খৰখেদাকৈ পদক্ষেপ ল’ব নিবিচাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ