ঈশ্বৰপুত্ৰ জুবিন গাৰ্গ আজি আমাৰ মাজত কায়িকভাৱে নাই। কিন্তু তেওঁৰ কণ্ঠ, গান আৰু সৃষ্টিৰ মাজেৰে তেওঁ যেন আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই আছে। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই সমগ্ৰ অসমতে এতিয়াও এক শূন্যতাৰ অনুভৱ। যেন জুবিনবিহীন এই সময়ছোৱা অসমবাসীৰ বাবে এটা প্ৰাণহীন বৰ্ষ। ইয়াৰ মাজতে অহা ১৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত প্ৰিয় শিল্পীগৰাকীৰ পুণ্য তিথি উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। জুবিনক স্মৰণ কৰি তেওঁৰ অনুৰাগী, শুভাকাংক্ষী আৰু বিভিন্ন সংগঠনে এই বিশেষ অনুষ্ঠান সফল কৰি তুলিবলৈ দিনে-নিশাই কাম কৰি আছে।
জুবিন গাৰ্গৰ পুণ্য তিথি উপলক্ষে জুবিন ক্ষেত্ৰক নতুন ৰূপত সজাই তোলাৰ কাম চলি আছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, জুবিন গাৰ্গ ফেন ক্লাব, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় জুবিন ক্ষেত্ৰ চাফ-চিকুণ পৰিচালনা সমিতিয়ে মিলি সমগ্ৰ প্ৰস্তুতি আগবঢ়াই নিছে। অনুষ্ঠান উপলক্ষে নতুনকৈ ৰভা নিৰ্মাণ কৰাৰ লগতে অনুৰাগীয়ে লৈ অহা উপহাৰ বা শ্ৰদ্ধাৰ সামগ্ৰী ৰখাৰ বাবেও বিশেষ স্থান সাজি উলিওৱা হৈছে। জুবিন ক্ষেত্ৰৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি সুন্দৰ ৰূপ দিয়াৰ বাবেও বিশেষ গুৰুত্ব দিয়া হৈছে।

ইতিমধ্যে প্ৰিয় শিল্পীগৰাকীৰ সান্নিধ্য বিচাৰি জুবিন ক্ষেত্ৰলৈ বহু অনুৰাগীৰ আগমন ঘটিছে। কোনোবাই নীৰৱে অশ্ৰু নিগৰাইছে, কোনোবাই গামোচাৰে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিন ক্ষেত্ৰত উপস্থিত হোৱা প্ৰতিজন লোকৰ মুখতে যেন একেটাই অনুভৱ—জুবিন নাই, কিন্তু জুবিনৰ স্মৃতি আৰু গান আজিও আমাৰ মাজত আছে। জুবিন ক্ষেত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ আকৰ্ষণ হ’ব নামঘৰ। বিশিষ্ট শিল্পী তথা পদ্মশ্ৰী বঁটা প্ৰাপক নুৰুদ্দিন আহমেদৰ হাতৰ পৰশত নতুন ৰূপ লাভ কৰিছে জুবিন ক্ষেত্ৰৰ নামঘৰে। কেৱল নামঘৰ নিৰ্মাণতেই সীমাবদ্ধ নাথাকি গুৰু আসনো সুন্দৰকৈ সাজি উলিওৱাৰ দায়িত্ব গ্ৰহণ কৰিছে নুৰুদ্দিন আহমেদে। জুবিনৰ পুণ্য তিথিৰ দিনা এই নামঘৰতে ভাগৱত পাঠৰ আয়োজন কৰা হ’ব।

ঈশ্বৰ পুত্ৰৰ স্মৃতিৰ সৈতে আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশৰ সংযোগ ঘটাই নামঘৰটোকো বিশেষভাৱে সজাই তোলা হৈছে। পুণ্য তিথিৰ দিনা ইয়াত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীয়ে জুবিন ক্ষেত্ৰৰ পৰিৱেশক অধিক গম্ভীৰ আৰু আবেগিক কৰি তুলিব বুলি আশা কৰা হৈছে। জুবিন ক্ষেত্ৰত নিৰ্মাণ কৰা নামঘৰতে অহা ১৯ ছেপ্টেম্বৰৰ নিশা ভাওনা অনুষ্ঠিত হ’ব। এই ভাওনাৰ বাবে সজ্জাৰ দায়িত্বও অৰ্পণ কৰা হৈছে পদ্মশ্ৰী নুৰুদ্দিন আহমেদক। ভাওনাৰ মঞ্চ, সজ্জা আৰু আনুষংগিক কাম-কাজ ১৭ ছেপ্টেম্বৰৰ পূৰ্বেই সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিশিষ্ট শিল্পীগৰাকীয়ে। তেওঁৰ নেতৃত্বত জুবিন ক্ষেত্ৰৰ নামঘৰ আৰু ভাওনাৰ পৰিৱেশে এক বিশেষ সাংস্কৃতিক ৰূপ লাভ কৰিব বুলি আশা কৰা হৈছে।
জুবিন গাৰ্গৰ পুণ্য তিথি উপলক্ষে তিনিদিন ধৰি অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীক লৈ ইতিমধ্যে অনুৰাগীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। জুবিনৰ গান, তেওঁৰ সৃষ্টিশীলতা আৰু অসমৰ সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদানক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অৱশ্যে আনন্দৰ মাজতো থাকিব এক গভীৰ বেদনা। যিগৰাকী শিল্পীৰ উপস্থিতিয়ে অসমৰ সাংস্কৃতিক জগতখনক সদায় প্ৰাণৱন্ত কৰি ৰাখিছিল, সেইগৰাকী জুবিন গাৰ্গক নেদেখাকৈয়ে এইবাৰ পুণ্য তিথি পালন কৰিব লাগিব অনুৰাগীসকলে, এয়াই যে প্ৰকৃতিৰ নিয়ম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















