• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

1 month ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

2 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

2 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

2 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

3 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

4 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

4 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

5 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

6 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

7 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

8 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

জুবিন দালৈ অনা অনুৰাগীৰ শ্ৰদ্ধাৰ সামগ্ৰীক লৈ কি ব্যৱস্থা?

editor by editor
September 15, 2026
in অসম, ক্ৰীড়া, বিনোদন, লেখা, সংগীত
0
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
0
SHARES
47
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঈশ্বৰপুত্ৰ জুবিন গাৰ্গ আজি আমাৰ মাজত কায়িকভাৱে নাই। কিন্তু তেওঁৰ কণ্ঠ, গান আৰু সৃষ্টিৰ মাজেৰে তেওঁ যেন আজিও প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই আছে। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই সমগ্ৰ অসমতে এতিয়াও এক শূন্যতাৰ অনুভৱ। যেন জুবিনবিহীন এই সময়ছোৱা অসমবাসীৰ বাবে এটা প্ৰাণহীন বৰ্ষ। ইয়াৰ মাজতে অহা ১৭ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত প্ৰিয় শিল্পীগৰাকীৰ পুণ্য তিথি উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। জুবিনক স্মৰণ কৰি তেওঁৰ অনুৰাগী, শুভাকাংক্ষী আৰু বিভিন্ন সংগঠনে এই বিশেষ অনুষ্ঠান সফল কৰি তুলিবলৈ দিনে-নিশাই কাম কৰি আছে।

জুবিন গাৰ্গৰ পুণ্য তিথি উপলক্ষে জুবিন ক্ষেত্ৰক নতুন ৰূপত সজাই তোলাৰ কাম চলি আছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, জুবিন গাৰ্গ ফেন ক্লাব, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, বিভিন্ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় জুবিন ক্ষেত্ৰ চাফ-চিকুণ পৰিচালনা সমিতিয়ে মিলি সমগ্ৰ প্ৰস্তুতি আগবঢ়াই নিছে। অনুষ্ঠান উপলক্ষে নতুনকৈ ৰভা নিৰ্মাণ কৰাৰ লগতে অনুৰাগীয়ে লৈ অহা উপহাৰ বা শ্ৰদ্ধাৰ সামগ্ৰী ৰখাৰ বাবেও বিশেষ স্থান সাজি উলিওৱা হৈছে। জুবিন ক্ষেত্ৰৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি সুন্দৰ ৰূপ দিয়াৰ বাবেও বিশেষ গুৰুত্ব দিয়া হৈছে।

ইতিমধ্যে প্ৰিয় শিল্পীগৰাকীৰ সান্নিধ্য বিচাৰি জুবিন ক্ষেত্ৰলৈ বহু অনুৰাগীৰ আগমন ঘটিছে। কোনোবাই নীৰৱে অশ্ৰু নিগৰাইছে, কোনোবাই গামোচাৰে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিন ক্ষেত্ৰত উপস্থিত হোৱা প্ৰতিজন লোকৰ মুখতে যেন একেটাই অনুভৱ—জুবিন নাই, কিন্তু জুবিনৰ স্মৃতি আৰু গান আজিও আমাৰ মাজত আছে। জুবিন ক্ষেত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ আকৰ্ষণ হ’ব নামঘৰ। বিশিষ্ট শিল্পী তথা পদ্মশ্ৰী বঁটা প্ৰাপক নুৰুদ্দিন আহমেদৰ হাতৰ পৰশত নতুন ৰূপ লাভ কৰিছে জুবিন ক্ষেত্ৰৰ নামঘৰে। কেৱল নামঘৰ নিৰ্মাণতেই সীমাবদ্ধ নাথাকি গুৰু আসনো সুন্দৰকৈ সাজি উলিওৱাৰ দায়িত্ব গ্ৰহণ কৰিছে নুৰুদ্দিন আহমেদে। জুবিনৰ পুণ্য তিথিৰ দিনা এই নামঘৰতে ভাগৱত পাঠৰ আয়োজন কৰা হ’ব।

ঈশ্বৰ পুত্ৰৰ স্মৃতিৰ সৈতে আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱেশৰ সংযোগ ঘটাই নামঘৰটোকো বিশেষভাৱে সজাই তোলা হৈছে। পুণ্য তিথিৰ দিনা ইয়াত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীয়ে জুবিন ক্ষেত্ৰৰ পৰিৱেশক অধিক গম্ভীৰ আৰু আবেগিক কৰি তুলিব বুলি আশা কৰা হৈছে। জুবিন ক্ষেত্ৰত নিৰ্মাণ কৰা নামঘৰতে অহা ১৯ ছেপ্টেম্বৰৰ নিশা ভাওনা অনুষ্ঠিত হ’ব। এই ভাওনাৰ বাবে সজ্জাৰ দায়িত্বও অৰ্পণ কৰা হৈছে পদ্মশ্ৰী নুৰুদ্দিন আহমেদক। ভাওনাৰ মঞ্চ, সজ্জা আৰু আনুষংগিক কাম-কাজ ১৭ ছেপ্টেম্বৰৰ পূৰ্বেই সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিশিষ্ট শিল্পীগৰাকীয়ে। তেওঁৰ নেতৃত্বত জুবিন ক্ষেত্ৰৰ নামঘৰ আৰু ভাওনাৰ পৰিৱেশে এক বিশেষ সাংস্কৃতিক ৰূপ লাভ কৰিব বুলি আশা কৰা হৈছে।

জুবিন গাৰ্গৰ পুণ্য তিথি উপলক্ষে তিনিদিন ধৰি অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীক লৈ ইতিমধ্যে অনুৰাগীসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। জুবিনৰ গান, তেওঁৰ সৃষ্টিশীলতা আৰু অসমৰ সংস্কৃতিৰ প্ৰতি তেওঁৰ অৱদানক স্মৰণ কৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অৱশ্যে আনন্দৰ মাজতো থাকিব এক গভীৰ বেদনা। যিগৰাকী শিল্পীৰ উপস্থিতিয়ে অসমৰ সাংস্কৃতিক জগতখনক সদায় প্ৰাণৱন্ত কৰি ৰাখিছিল, সেইগৰাকী জুবিন গাৰ্গক নেদেখাকৈয়ে এইবাৰ পুণ্য তিথি পালন কৰিব লাগিব অনুৰাগীসকলে, এয়াই যে প্ৰকৃতিৰ নিয়ম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24zubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ
জীৱনশৈলী

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

October 25, 2026
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!
ভাৰত

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

October 25, 2026
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে
বাণিজ্য

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

October 25, 2026
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?
জীৱনশৈলী

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

October 25, 2026
Next Post
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.