কেলছিয়াম আমাৰ শৰীৰৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ৷ ই কেৱল হাড় আৰু দাঁত মজবুতৰ ভিত্তিয়েই তৈয়াৰ নকৰে একেলগে মাংসপেশীৰ স্বাভাৱিক কাম, স্নায়ুতন্ত্ৰৰ কাৰ্যকাৰিতা, হৃদস্পন্দন আৰু হৰমনৰ নিঃসৰণৰো ডাঙৰ ভূমিকা পালন কৰে৷ চিকিৎসকে কৈছে, মহিলাসকলৰ জীৱনত বয়স বঢ়াৰ লগে লগে কেলছিয়ামৰ গুৰুত্ব বাঢ়িব আৰু বাঢ়ি যায়৷ মেনোপজৰ পাছত হাড় দুৰ্বল হোৱা, অষ্টিঅপৰোছিচ বা হাড় ভাঙি যোৱাৰ আশংকাও বাঢ়ি যায়৷ কেৱল সেয়াই নহয়, কেলছিয়ামৰ ঘাটি, পি এম এছ অৰ্থাৎ ঋতুস্ৰাৱৰ পূৰ্বে শাৰীৰিক আৰু মানসিক অস্বস্তি, গৰ্ভাৱস্থাত সন্তানৰ সঠিক বৃদ্ধি আৰু হৃদৰোগৰ আশংকাও বঢ়ায়৷ শৰীৰত কেলছিয়ামৰ ঘাটি হলে কেইবাটাও লক্ষণে দেখা দিয়ে৷
মাংসপেশী টানি টানি ধৰা
হঠাৎ যদি ভৰি টানি টানি ধৰা কেলছিয়ামৰ ঘাটিৰ ফলত হয়৷ নিয়মিত এই ধৰণৰ সমস্যাই দেখা দিলে সতৰ্ক হোৱা জৰুৰী৷
অনিয়মিত হৃদস্পন্দন
হৃদপিণ্ডৰ সঠিক ছন্দ বজাই ৰাখিবলৈ কেলছিয়াম অপৰিহাৰ্য৷ ইয়াৰ অভাৱ হলে হৃদয়ৰ স্পন্দন অনিয়মিত হ’ব পাৰে, যিয়ে মাৰাত্মক প্ৰভাৱ পেলাব পাৰে৷
অতিৰিক্ত ক্লান্তি
কেলছিয়ামৰ ঘাটিত দিনটো কোনোধৰণৰ কাম নকৰিলেও অৱসাদ, ক্লান্তি বা অলসতা হ’ব পাৰে৷ যাৰ নেপথ্যত অন্য কোনো কাৰণ আছে ভাৱি বহুতেই উপেক্ষা কৰে৷
নখ দুৰ্বল হোৱা
নখ বাৰে বাৰে ভাঙি যোৱা বা পাতল হৈ যোৱা শৰীৰত প্ৰয়োজনীয় কেলছিয়ামৰ ঘাটিৰ সংকেত৷ মহিলাসকলৰ ক্ষেত্ৰত ই খুবেই সাধাৰণ লক্ষণ৷
দাঁতৰ সমস্যা
দাঁত মূলত হাড়জাতীয় টিছুৰে তৈয়াৰী৷ শৰীৰত কেলছিয়ামৰ ঘাটি হলে দাঁতৰ ক্ষয়, বিষ বা দাঁত লৰি যোৱাৰ দৰে সমস্যা তৈয়াৰ হব পাৰে৷
চিকিৎসকৰ মতে শৰীৰত কেলছিয়ামৰ ঘাটি দীৰ্ঘ সময় ধৰি চলি থাকিলে ইয়াৰ প্ৰভাৱত ধীৰে ধীৰে হাড়ত পৰিবলৈ ধৰে আৰু বয়স বঢ়াৰ লগে লগে ই ভয়াৱহ ৰূপ লয়৷ সেয়ে প্ৰতিদিনে খাদ্যত পৰ্যাপ্ত কেলছিয়াম নিশ্চিত কৰা খুবেই জৰুৰী৷ গাখীৰ, দৈ, পনিৰ, সেউজীয়া পাচলি, বাদাম আদি কেলছিয়াম সমৃদ্ধ খাদ্যভাষে এই ঘাটি পূৰণত সহায় কৰে৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ লৈ ছাপ্লিমেণ্ট খোৱা জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















