বেংক একাউণ্টত ধন নাথাকিলেও নাকাটে কোনো চাৰ্জ৷ এইবাৰ নতুন নিয়ম আৰম্ভ কৰিলে কানাড়া বেংকে৷ ১ জুনৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নিয়ম৷ কানাড়া বেংকত একাউণ্ট থকা প্ৰতিগৰাকী গ্ৰাহকেই লাভ কৰিব এই সুবিধা৷
কি কি নতুন নিয়ম আৰম্ভ কৰিছে কানাড়া বেংকে?
১ জুনৰ পৰা সকলো ধৰণৰ ছেভিংছ বেংক একাউণ্টৰ বাবে এভাৰেজ মান্থলি বেলেন্স ৰখাৰ নিয়ম বাতিল কৰিছে কানাড়া বেংকে৷ যি স্বাভাৱিকভাৱেই স্বস্তিৰ কাৰণ হৈ পৰিছে সাধাৰণ গ্ৰাহকৰ৷
প্ৰথম ৰাষ্ট্ৰায়ত্ত বেংক হিচাপে এই কাম আৰম্ভ কানাড়া বেংকৰ
এই সিদ্ধান্তৰ মাধ্যমেৰে কানাড়া বেংক AMB সম্পৰ্কিত জৰিমনা বাতিলকাৰী প্ৰথম প্ৰধান পাব্লিক চেক্টৰ বেংক হৈ উঠিছে৷ বেংকৰ এই সিদ্ধান্তৰ ফলত সকলো ছেভিংছ একাউণ্ট হোল্ডাৰে কোনো জৰিমনা অবিহনেই জিৰ’ বেলেন্স বজাই ৰাখিব পাৰিব৷ বেংকৰ ছেভিংছ একাউণ্টত আৰ্থিক বৃদ্ধিৰ লক্ষ্যৰেই এই সিদ্ধান্ত লৈছে বেংকে৷ বেংকৰ এই সিদ্ধান্তৰ ফলত বিভিন্ন একাউণ্ট হোল্ডাৰৰ উপকাৰ হব৷ যাৰ মাজত ছেভিংছ একাউণ্ট, ছেলাৰী একাউণ্ট আৰু NRI SB একাউণ্ট আছে৷
পূৰ্বৰ নিয়ম কি আছিল?
পূৰ্বে এক্টিভ ছেভিংছ একাউণ্ট বজায় ৰাখিবৰ বাবে একাউণ্ট হোল্ডাৰসকলৰ শাখাৰ ওপৰত ভিত্তি কৰি নূন্যতম বেলেন্স নিৰ্ধাৰিত হৈছিল৷ যত গড় মাহিলী বেলেন্স শাখাৰ অৱস্থান অনুসৰি পৰিবৰ্তিত হয়৷ চহৰ বা মেট্ৰ শাখাত গ্ৰাহকে ২০০০ টকা আৰু অৰ্ধ মেট্ৰ শাখাৰ বাবে ১০০০ টকা আৰু গ্ৰামীণ শাখাৰ বাবে ৫০০ টকা নূন্যতম বেলেন্স ৰখাটো গ্ৰাহকৰ বাবে জৰুৰী আছিল৷
নূন্যতম বেলেন্স নাৰাখিলে কি চাৰ্জ কটা হৈছিল?
কানাড়া বেংকত যদি ছেভিংছ একাউণ্টৰ নূন্যতম গড় মাহিলী বেলেন্স বজায় নাৰাখে তেন্তে গ্ৰাহকৰ পৰা চাৰ্জ কটা হয়৷ মহানগৰ, নগৰ, গ্ৰামীণ তিনিস্থানতেই চাৰ্জ পৃথক পৃথক হয়৷ মহানগৰৰ গ্ৰাহকে যদি ২০০০ টকা বেলেন্স মেনটেইন নকৰে তেন্তে ২৫ টকা চাৰ্জ কটা হয়৷ অৱশ্যে ইয়াতো ভাগ আছে৷ ধৰক আপোনাৰ বেলেন্স ১৯৯৯ৰ পৰা ১৫০০ টকাৰ ভিতৰত আছে তেতিয়া চাৰ্জ কটা হয় ২৫ টকা৷ আৰু যদি ১৪৯৯ৰ পৰা ১০০০ টকাৰ ভিতৰত থাকে তেন্তে জৰিমনা হয় ৩৫ টকা৷ যদি ১০০০ টকাতকৈ কম বেলেন্স থাকে তেন্তে ৪৫ টকা চাৰ্জ কটা হয়৷ এইসমূহ চাৰ্জৰ সৈতে আকৌ GST ও সংযোগ কৰা হয়৷ যাৰবাবে চাৰ্জৰ পৰিমান কিছু বেছি হব পাৰে৷
অৰ্ধ নগৰ শাখাসমূহত নূন্যতম গড় মাহিলী বেলেন্স হৈছে ১০০০ টকা৷ যদি এই ধন আপুনি ৯৯৯-৭০০ টকাৰ ভিতৰত ৰাখে তেন্তে আপোনাৰ পৰা জিএছটি সহ ২৫ টকা চাৰ্জ কটা হব৷ ৬৯৯-৪০০ টকাৰ বেলেন্স থাকিলে জৰিমনা ৩৫ টকা আৰু জিএছটিও থাকিব৷ যদি গড় মাহিলী বেলেন্স ৪০০ টকাৰ তললৈ নামি যায় তেন্তে কানাড়া বেংকে চাৰ্জ কাটিছিল ৪৫ টকা লগতে জিএছটিৰ বাবদো কিছু অৰ্থ কটা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















