অসম লাইভ ২৪ঃ ক্ৰমান্বয়ে সমগ্ৰ দেশত ভয়াৱহ ৰূপ লৈছে কর্কট ৰোগে। সম্প্ৰতি ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচার্ছ (ICMR)ৰ প্ৰকাশিত তথ্য অনুসৰি আগন্তুক ৫ বছৰত ভাৰতত কর্কট ৰোগৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ১২ শতাংশলৈ। ২০২৫ চনৰ ভিতৰত দেশৰ প্ৰায় ১৫ লাখ মানুহ আক্ৰান্ত হ’ব বিভিন্ন ধৰণৰ কর্কট ৰোগত। ২০২০ বর্ষত কর্কট ৰোগত আক্ৰান্তৰ সংখ্যা ১৩.৯ লাখ। ICMRৰ ৰিপোর্টত প্ৰকাশ কৰা আন এক তথ্য অনুসৰি ভৱিষ্যতে ভাৰতত ধপাতজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত কর্কট ৰোগত আক্ৰান্ত হ’ব প্ৰায় ২৭.১ শতাংশ লোক। সর্বাধিক আক্ৰান্ত হ’ব উত্তৰ-পূবৰ লোকসকল। গেষ্ট্ৰ’টেন্সিনাল আৰু ষ্ট’ন কেন্সাৰৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব। পুৰুষসকলৰ ভিতৰত হাওঁফাওঁ, মুখ, পাকস্থলী আৰু খাদ্যনলীৰ কেন্সাৰ বৃদ্ধি পাব। মঙলবাৰে ICMR আৰু নেচনেল চেণ্টাৰ ফৰ ডিজিজ ইনফ’ৰমেটিকচ এণ্ড ৰিছার্চৰ পৰা প্ৰকাশ হৈছে নেচনেল কেন্সাৰ ৰেজিষ্ট্ৰি প্ৰ’গ্ৰেম ৰিপোর্ট-২০২০। ২০২০ চনৰ কর্কট ৰোগৰ সংক্ৰমণ, মৃত্যুৰ সংখ্যা আৰু ভাৰতত চিকিৎসা পদ্ধতিৰ বিভিন্ন তথ্য প্ৰকাশ পাইছে এই ৰিপোর্টত। উল্লেখযোগ্য যে ২০২০ চনত ৬,৭৯,৪২১ জন পুৰুষৰ শৰীৰত কর্কট ৰোগ পোৱা গৈছে আৰু ২০২৫ চনলৈ এই সংখ্যা ৭,৬৩,৫৭৫ লৈকে বৃদ্ধি পোৱাৰ আশংকা কৰিছে। আনফালে ২০২০ বর্ষত ৭,১২,৭৫৮ গৰাকী মহিলাৰ দেহত কর্কট ৰোগ ধৰা পৰিছে। ২০২৫ চনলৈ এই সংখ্যা ৮,০৬,২১৮লৈকে বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ভাৰতত কর্কট ৰোগৰ চিকিৎসা প্ৰধানতঃ অস্ত্ৰোপচাৰ, কেমো থেৰাপি আৰু ৰেডিয়েচন থেৰাপিৰ ওপৰত নির্ভৰশীল। এই তিনি পদ্ধতি পদ্ধতি ব্যৱহাৰ কৰি ষ্ট’ন, মগজু আৰু হাড়ৰ কেন্সাৰৰ চিকিৎসা কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ