ডাইবেটিছ, কলষ্টৰেলৰ দৰে কৰ্কট ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে৷ বিশ্বজুৰি বাঢ়িছে কৰ্কট ৰোগীৰ সংখ্যা৷ ২০২০ চনত প্ৰায় ১০ মিলিয়ন মানুহৰ মৃত্যু হৈছে কৰ্কটত৷ স্তন, হাওঁফাওঁ, কলন, প্ৰষ্টেটৰ দৰে কৰ্কট সবাতোকৈ বেছি৷ কৰ্কট মানেই মাৰণ ৰোগ হ’বই তেনে কোনো কথা নাই৷ চিকিৎসকৰ মতে আপুনি যদি প্ৰথমৰ পৰাই সচেতন হয় তেন্তে কৰ্কটো তেনেই সাধাৰণ ৰোগ৷ কৰ্কটৰ উপসৰ্গসমূহৰ বিষয়ে সেয়ে সচেতন হৈ থাকিব লাগে৷ কৰ্কটৰ কিছু উপসৰ্গ আছে বুলি চিকিৎসকে প্ৰায় সময়তে কৈ আহিছে৷ পুৰুষ মহিলা উভয়ৰে শৰীৰত এই উপসৰ্গেই দেখা দিয়ে৷ কোন কোন উপসৰ্গত নজৰ দিব?
শাৰীৰিক ক্লান্তি
কায়িক পৰিশ্ৰম কৰিলে শৰীৰ দুৰ্বল হয়৷ ক্লান্তি দেখা যায়৷ কৰ্কটত আক্ৰান্ত হ’লে ব্যক্তিৰ শৰীৰ ক্লান্ত হৈ থাকে৷ কৰ্কটৰ কোষ যিমানেই বাঢ়ে সিমানেই শৰীৰত এনাৰ্জিও কমি আহে৷ নিশা টোপনীৰ অন্তত পুৱা উঠিবলৈ মন নোযোৱা লক্ষণে দেখা দিয়ে৷ আনকি এই ক্ষেত্ৰত বাথৰুমলৈকে উঠি যাবলৈকো শৰীৰে নিদিয়ে৷ হাত-ভৰি অৱশ লাগে৷ বিশ্ৰাম ল’লে শৰীৰটো অলপ ঠিক হয়৷ কিন্তু সম্পূৰ্ণ সুস্থ হৈ নাযায়৷ এই লক্ষণ দেখা দিলে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক৷
ওজন কমি যোৱা
বেছিভাগ মানুহৰ মাজতেই দেখা যায় যে কৰ্কটৰ কোষ বৃদ্ধি পালে হঠাৎ ওজন কমি যায়৷ এই ওজন কমা এক কেজি বা দুই কেজি নহয়৷ একেসময়তে বহু পৰিমানে শৰীৰৰ ওজন কমি যায়৷
গাত এলাৰ্জি
বহুতৰে কণী, বেঙেনা আদি খাদ্য খালে এলাৰ্জিয়ে দেখা দিয়ে৷ এই ধৰণৰ খাদ্যই শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰাৰ ওপৰিও অন্য সময়তো যদি এলাৰ্জি হৈ থাকে তেন্তে দেৰি নকৰি পৰীক্ষা কৰক৷ ব্লাক কেঞ্চাৰ বা লিউকেমিয়াত আক্ৰান্ত হ’লে এই ধৰণৰ উপসৰ্গই দেখা দিয়ে৷
চকুৰ বিষ
ড্ৰাই আইছৰ সমস্যা থাকিলে কিংবা দীৰ্ঘক্ষণ মোবাইল, লেপটপ চাই থাকিলে চকুৰ সমস্যাই দেখা দিয়ে৷ কিন্তু কৰ্কটত আক্ৰান্ত হ’লে চকুৰ বিষ দীৰ্ঘস্থায়ী হয়৷ কৰ্কটৰ কোষ চকুতো বৃদ্ধি পায়৷ কিন্তু এই বিষয়টোক সকলোৱে গুৰুত্ব নিদিয়ে৷ চকুৰ মণিৰ পিছত, চকুৰ পতাত, অশ্ৰুগ্ৰন্থিত মাৰাত্মক প্ৰদাহ তৈয়াৰ হ’লেই বুজিব যে আপুনি চকুৰ কৰ্কটত আক্ৰান্ত৷
হাড়ৰ বিষ
কৰ্কটত আক্ৰান্ত হ’লে সমগ্ৰ শৰীৰত বিষ হয়৷ বহুতেই ভাৱে এয়া বাত বিষৰ সমস্যা৷ কিন্তু আমেৰিকান কৰ্কট চছাইটিয়ে কৈছে যে হাড়ৰ বিষ দীৰ্ঘস্থায়ী হ’লে এয়া কৰ্কটৰ লক্ষণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ