অসম লাইভ২৪ঃ পাঁচদিনীয়া তালাচি অভিযানৰ অন্তত আটলাণ্টিক মহাসাগৰত সন্ধান পোৱা গ’ল টাইটানৰ৷ টাইটানৰ সন্ধান পোৱাৰ পাছতেই ৫যাত্ৰীৰ মৃত্যুৰ কথা সদৰি কৰে আমেৰিকান উদ্ধাৰকাৰী দলে৷ আটলাণ্টিক মহাসাগৰৰ গভীৰতাত ১১১বছৰ পূৰ্বে ডুব যোৱা টাইটানিকৰ ভগ্নাৱশেষ চাবলৈ গৈয়েই মৃত্যুৰ শীতল কোলাত ঢলি পৰিল ৫গৰাকীকৈ পৰ্যটক৷ টাইটানিকৰ নিচেই কাষতেই উদ্ধাৰ হ’ল টাইটানৰ ভগ্নাৱশেষ৷ টাইটানিকৰ দৰেই মৰ্মান্তিক দশা হ’ল টাইটানৰো৷
টাইটানতো টাইটানিকৰ দৰেই বিলাসী যাত্ৰীয়েই যাত্ৰা কৰিছিল৷ এই ৫ পৰ্যটকৰ ভিতৰত আছিল ব্ৰিটেইনৰ কোটিপতি হামিশ হাৰ্ডিং, পাকিস্তানৰ ব্যৱসায়ী শ্বাহজাদা ডাউড আৰু তেওঁৰ পুত্ৰ ছুলেমান, অচেনগেট নামৰ সংস্থাটোৰ CEO ষ্টকচন ৰাছ আৰু ফৰাচী নাৱিক পল হেনৰি নাৰজিওলেট৷ কানাডাৰ নিউ ফাউণ্ডলেণ্ডৰ পৰা আটলাণ্টিক মহাসাগৰত ডুব মাৰিছিল ছাবমেৰিনখনে৷ ডুব পৰা ১ঘণ্টা ৪৫ মিনিট পাছত অচেনগেটৰ সংস্থাটোৰ সৈতে সংগোগ বিচ্ছিন্ন হৈছিল ছাবমেৰিন টাইটানৰ৷ ছাবমেৰিনখনৰ সংযোগ বিচ্ছিন্ন হোৱাৰ পাছতেই আমেৰিকান নৌসেনা ছাবমেৰিনখনৰ সন্ধানত নামি পৰিছিল৷
ৰবটৰ মাধ্যমেৰে টাইটানৰ ধ্বংসাৱশেষৰ সন্ধান লাভ কৰিছে উদ্ধাৰকাৰী দলে৷ টাইটানৰ ধ্বংসাৱশেষ পোৱা গৈছে টাইটানিক ডুব যোৱা স্থানৰ পৰা ১৬০০ ফুট আঁতৰত৷ ধ্বংসাৱশেষৰ সন্ধান পালেও ছাবমেৰিনখন উদ্ধাৰ কৰি অনা সম্ভৱ নহয়৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ভগ্নাৱশেষ উদ্ধাৰ কৰিবলৈ সেই স্থানৰ পানীৰ গভীৰতা আৰু সোঁত দুয়োটাই বেছি বুলি জনাইছে উদ্ধাৰকাৰী দলে৷
আমেৰিকাৰ উদ্ধাৰকাৰী দলটোৱে জনোৱা অনুসৰি দুৰ্ঘটনাটোৰ প্ৰধান কাৰণ হৈছে আকস্মিক ‘ইমপ্লোছন’৷ ইমপ্লোছনৰ ফলতেই সমূদ্ৰৰ বক্ষত দিশ হেৰুৱাই পেলাইছিল ছাবমেৰিনখনে৷ ইমপ্লোছন হৈছে বিস্ফোৰণৰ বিপৰীত অৰ্থাৎ এক্সপ্লোছনৰ বিপৰীত অৱস্থা৷ ইয়াৰ অৰ্থ হৈছে কোনো বস্তু ফাটি নগৈ চাপ খাই অহা৷ টাইটানো সমুদ্ৰৰ বক্ষত গৈ চাপ খাই পৰিছিল৷ পানীৰ অত্যাধিক হেঁচাৰ ফলতেই এনেদৰে চাপ খাই যোৱা বুলি সন্দেহ কৰিছে উদ্ধাৰকাৰী দলটোৱে৷ চাপৰ ফলতেই কেইটামান মিলি ছেকেণ্ডৰ ভিতৰতেই যাত্ৰীসহিতে ধ্বংস হৈ গ’ল ছাবমেৰিন টাইটান৷
বিশেষজ্ঞসকলে অনুমান কৰা মতে টাইটানিকৰ দিশে যেতিয়া টাইটান আগবাঢ়িছিল তেতিয়া সমুদ্ৰৰ যিমানেই গভীৰলৈ গৈছিল সিমানেই পানীৰ চাপ বাঢ়ি আহিছিল৷ পানীৰ প্ৰচণ্ড চাপ ছাবমেৰিনখনত পৰিছিল৷ ছাবমেৰিনখনৰ ভিতৰত থকা বায়ুৰ চাপতকৈ বাহিৰৰ পানীৰ চাপ বহু বেছি আছিল৷ পানীৰ চাপতেই ভিতৰৰ ফালে চাপ খাই আহিছিল টাইটান৷ পানীৰ চাপ ইমানেই বাঢ়ি যায় যে ছাবমেৰিনখনৰ ধাতৱ ৱালকেইখন সম্পূৰ্ণৰূপে চাপ খাই আহে৷ টাইটানৰ ভিতৰত অক্সিজেন বা সুৰক্ষাৰ যাৱতীয় সামগ্ৰী সেই অৱস্থাত অৰ্থহীন হৈ পৰে৷ যাত্ৰীসকলৰ মৃত্যু আকস্মিক আৰু তেনেই তাৎক্ষণিক হোৱা বুলিও জনাইছে বিশেষজ্ঞৰ দলে৷ চেপাতেই মৃত্যু হয় আটাইকেইজন যাত্ৰীৰ৷
কিন্তু হঠাৎ কেনেকৈ ইমপ্লোছন হৈছিল? ইম্পেৰিয়াল কলেজ লণ্ডনৰ ইঞ্জিনীয়াৰিঙৰ অধ্যাপক ৰডেৰিক স্মিথে জনোৱামতে, টাইটানৰ ধাতৱ কাঠামো ত্ৰুটিপূৰ্ণ আছিল৷ সেয়ে পানীৰ চাপ সহ্য কৰিব নোৱাৰি চেপ খাই আহিছিল৷ কিয় এনেদৰে হঠাৎ চাপ সহ্য কৰিব নোৱাৰা হ’ল টাইটানে সেয়া গৱেষণা কৰিবলৈ টাইটান সমুদ্ৰৰ গভীৰৰ পৰা উঠাই অনাটো খুবেই প্ৰয়োজন৷
উল্লেখ্য যে টাইটান নামৰ ছাবমেৰিনখনৰ দৈৰ্ঘ্য আছিল ২২ফুট৷ ওজন ৯,৫২৫কিঃগ্ৰাঃ৷ কাৰ্বন ফাইবাৰ আৰু টাইটেনিয়ামেৰে তৈয়াৰ কৰা ছাবমেৰিনখনৰ ৫জন যাত্ৰী বহন কৰাৰ ক্ষমতাও নাছিল৷ সমুদ্ৰৰ গভীৰলৈ ১৩,১২০ ফুট পৰ্যন্ত যোৱাৰহে ক্ষমতা আছিল টাইটানৰ৷ কিন্তু ক্ষমতা অবিহনেও সমুদ্ৰৰ ১২হাজাৰ ফুট তললৈ ভগ্নাৱশেষ চাবলৈ যাত্ৰা কৰাটোৱেই কাল হ’ল টাইটানৰ৷ যাত্ৰীসকলে যাত্ৰা কৰাৰ সময়ত কৰা এটা ভিডিঅ’ৰ পৰাই অনুমান কৰিব পাৰি যে এই যাত্ৰা ইমান মসৃণো নাছিল৷ যাত্ৰীসকলে আঁঠুত মুৰ থৈ যেনেতেনেহে টাইটানৰ ভিতৰত বহিছিল৷ টাইটানৰ ভিতৰভাগৰ পৰা বাহিৰলৈ চাই যাবৰ বাবে কেৱল মাত্ৰ এখন খিৰিকিৰহে ব্যৱস্থা আছিল৷ এই ‘পোৰ্টহোল’টোৰেই টাইটানিকৰ ভগ্নাৱশেষ চাব পৰাৰ ব্যৱস্থা আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ