• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উদ্ধাৰ কৰিব পৰা যাবনে টাইটানৰ যাত্ৰীৰ দেহ? বিস্ফোৰণ ঘটা নাছিল টাইটানৰ, কেনেকৈ সমুদ্ৰৰ তলি পালেগৈ টাইটান? সবিশেষ…

উদ্ধাৰ কৰিব পৰা যাবনে টাইটানৰ যাত্ৰীৰ দেহ? বিস্ফোৰণ ঘটা নাছিল টাইটানৰ, কেনেকৈ সমুদ্ৰৰ তলি পালেগৈ টাইটান? সবিশেষ…

3 years ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

23 minutes ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

1 hour ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

2 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

3 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

4 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

5 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

5 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

6 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

7 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

7 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

9 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

উদ্ধাৰ কৰিব পৰা যাবনে টাইটানৰ যাত্ৰীৰ দেহ? বিস্ফোৰণ ঘটা নাছিল টাইটানৰ, কেনেকৈ সমুদ্ৰৰ তলি পালেগৈ টাইটান? সবিশেষ…

editor by editor
June 26, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
উদ্ধাৰ কৰিব পৰা যাবনে টাইটানৰ যাত্ৰীৰ দেহ? বিস্ফোৰণ ঘটা নাছিল টাইটানৰ, কেনেকৈ সমুদ্ৰৰ তলি পালেগৈ টাইটান? সবিশেষ…
0
SHARES
33.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাঁচদিনীয়া তালাচি অভিযানৰ অন্তত আটলাণ্টিক মহাসাগৰত সন্ধান পোৱা গ’ল টাইটানৰ৷ টাইটানৰ সন্ধান পোৱাৰ পাছতেই ৫যাত্ৰীৰ মৃত্যুৰ কথা সদৰি কৰে আমেৰিকান উদ্ধাৰকাৰী দলে৷ আটলাণ্টিক মহাসাগৰৰ গভীৰতাত ১১১বছৰ পূৰ্বে ডুব যোৱা টাইটানিকৰ ভগ্নাৱশেষ চাবলৈ গৈয়েই মৃত্যুৰ শীতল কোলাত ঢলি পৰিল ৫গৰাকীকৈ পৰ্যটক৷ টাইটানিকৰ নিচেই কাষতেই উদ্ধাৰ হ’ল টাইটানৰ ভগ্নাৱশেষ৷ টাইটানিকৰ দৰেই মৰ্মান্তিক দশা হ’ল টাইটানৰো৷

টাইটানতো টাইটানিকৰ দৰেই বিলাসী যাত্ৰীয়েই যাত্ৰা কৰিছিল৷ এই ৫ পৰ্যটকৰ ভিতৰত আছিল ব্ৰিটেইনৰ কোটিপতি হামিশ হাৰ্ডিং, পাকিস্তানৰ ব্যৱসায়ী শ্বাহজাদা ডাউড আৰু তেওঁৰ পুত্ৰ ছুলেমান, অচেনগেট নামৰ সংস্থাটোৰ CEO ষ্টকচন ৰাছ আৰু ফৰাচী নাৱিক পল হেনৰি নাৰজিওলেট৷ কানাডাৰ নিউ ফাউণ্ডলেণ্ডৰ পৰা আটলাণ্টিক মহাসাগৰত ডুব মাৰিছিল ছাবমেৰিনখনে৷ ডুব পৰা ১ঘণ্টা ৪৫ মিনিট পাছত অচেনগেটৰ সংস্থাটোৰ সৈতে সংগোগ বিচ্ছিন্ন হৈছিল ছাবমেৰিন টাইটানৰ৷ ছাবমেৰিনখনৰ সংযোগ বিচ্ছিন্ন হোৱাৰ পাছতেই আমেৰিকান নৌসেনা ছাবমেৰিনখনৰ সন্ধানত নামি পৰিছিল৷

ৰবটৰ মাধ্যমেৰে টাইটানৰ ধ্বংসাৱশেষৰ সন্ধান লাভ কৰিছে উদ্ধাৰকাৰী দলে৷ টাইটানৰ ধ্বংসাৱশেষ পোৱা গৈছে টাইটানিক ডুব যোৱা স্থানৰ পৰা ১৬০০ ফুট আঁতৰত৷ ধ্বংসাৱশেষৰ সন্ধান পালেও ছাবমেৰিনখন উদ্ধাৰ কৰি অনা সম্ভৱ নহয়৷ দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ভগ্নাৱশেষ উদ্ধাৰ কৰিবলৈ সেই স্থানৰ পানীৰ গভীৰতা আৰু সোঁত দুয়োটাই বেছি বুলি জনাইছে উদ্ধাৰকাৰী দলে৷

আমেৰিকাৰ উদ্ধাৰকাৰী দলটোৱে জনোৱা অনুসৰি দুৰ্ঘটনাটোৰ প্ৰধান কাৰণ হৈছে আকস্মিক ‘ইমপ্লোছন’৷ ইমপ্লোছনৰ ফলতেই সমূদ্ৰৰ বক্ষত দিশ হেৰুৱাই পেলাইছিল ছাবমেৰিনখনে৷ ইমপ্লোছন হৈছে বিস্ফোৰণৰ বিপৰীত অৰ্থাৎ এক্সপ্লোছনৰ বিপৰীত অৱস্থা৷ ইয়াৰ অৰ্থ হৈছে কোনো বস্তু ফাটি নগৈ চাপ খাই অহা৷ টাইটানো সমুদ্ৰৰ বক্ষত গৈ চাপ খাই পৰিছিল৷ পানীৰ অত্যাধিক হেঁচাৰ ফলতেই এনেদৰে চাপ খাই যোৱা বুলি সন্দেহ কৰিছে উদ্ধাৰকাৰী দলটোৱে৷ চাপৰ ফলতেই কেইটামান মিলি ছেকেণ্ডৰ ভিতৰতেই যাত্ৰীসহিতে ধ্বংস হৈ গ’ল ছাবমেৰিন টাইটান৷

বিশেষজ্ঞসকলে অনুমান কৰা মতে টাইটানিকৰ দিশে যেতিয়া টাইটান আগবাঢ়িছিল তেতিয়া সমুদ্ৰৰ যিমানেই গভীৰলৈ গৈছিল সিমানেই পানীৰ চাপ বাঢ়ি আহিছিল৷ পানীৰ প্ৰচণ্ড চাপ ছাবমেৰিনখনত পৰিছিল৷ ছাবমেৰিনখনৰ ভিতৰত থকা বায়ুৰ চাপতকৈ বাহিৰৰ পানীৰ চাপ বহু বেছি আছিল৷ পানীৰ চাপতেই ভিতৰৰ ফালে চাপ খাই আহিছিল টাইটান৷ পানীৰ চাপ ইমানেই বাঢ়ি যায় যে ছাবমেৰিনখনৰ ধাতৱ ৱালকেইখন সম্পূৰ্ণৰূপে চাপ খাই আহে৷ টাইটানৰ ভিতৰত অক্সিজেন বা সুৰক্ষাৰ যাৱতীয় সামগ্ৰী সেই অৱস্থাত অৰ্থহীন হৈ পৰে৷ যাত্ৰীসকলৰ মৃত্যু আকস্মিক আৰু তেনেই তাৎক্ষণিক হোৱা বুলিও জনাইছে বিশেষজ্ঞৰ দলে৷ চেপাতেই মৃত্যু হয় আটাইকেইজন যাত্ৰীৰ৷

কিন্তু হঠাৎ কেনেকৈ ইমপ্লোছন হৈছিল? ইম্পেৰিয়াল কলেজ লণ্ডনৰ ইঞ্জিনীয়াৰিঙৰ অধ্যাপক ৰডেৰিক স্মিথে জনোৱামতে, টাইটানৰ ধাতৱ কাঠামো ত্ৰুটিপূৰ্ণ আছিল৷ সেয়ে পানীৰ চাপ সহ্য কৰিব নোৱাৰি চেপ খাই আহিছিল৷ কিয় এনেদৰে হঠাৎ চাপ সহ্য কৰিব নোৱাৰা হ’ল টাইটানে সেয়া গৱেষণা কৰিবলৈ টাইটান সমুদ্ৰৰ গভীৰৰ পৰা উঠাই অনাটো খুবেই প্ৰয়োজন৷

উল্লেখ্য যে টাইটান নামৰ ছাবমেৰিনখনৰ দৈৰ্ঘ্য আছিল ২২ফুট৷ ওজন ৯,৫২৫কিঃগ্ৰাঃ৷ কাৰ্বন ফাইবাৰ আৰু টাইটেনিয়ামেৰে তৈয়াৰ কৰা ছাবমেৰিনখনৰ ৫জন যাত্ৰী বহন কৰাৰ ক্ষমতাও নাছিল৷ সমুদ্ৰৰ গভীৰলৈ ১৩,১২০ ফুট পৰ্যন্ত যোৱাৰহে ক্ষমতা আছিল টাইটানৰ৷ কিন্তু ক্ষমতা অবিহনেও সমুদ্ৰৰ ১২হাজাৰ ফুট তললৈ ভগ্নাৱশেষ চাবলৈ যাত্ৰা কৰাটোৱেই কাল হ’ল টাইটানৰ৷ যাত্ৰীসকলে যাত্ৰা কৰাৰ সময়ত কৰা এটা ভিডিঅ’ৰ পৰাই অনুমান কৰিব পাৰি যে এই যাত্ৰা ইমান মসৃণো নাছিল৷ যাত্ৰীসকলে আঁঠুত মুৰ থৈ যেনেতেনেহে টাইটানৰ ভিতৰত বহিছিল৷ টাইটানৰ ভিতৰভাগৰ পৰা বাহিৰলৈ চাই যাবৰ বাবে কেৱল মাত্ৰ এখন খিৰিকিৰহে ব্যৱস্থা আছিল৷ এই ‘পোৰ্টহোল’টোৰেই টাইটানিকৰ ভগ্নাৱশেষ চাব পৰাৰ ব্যৱস্থা আছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ
বাণিজ্য

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

June 26, 2026
Next Post
আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?

আপোনাৰ গুগল একাউণ্ট অইন কোনোৱে ব্যৱহাৰ কৰি আছে নেকি? কেনেকৈ জানিব?

অপেক্ষাৰ অৱসান ঘটিল, ভাৰতীয় দলৰ হৈ টি-২০ চিৰিজত খেলিবলৈ সাঁজু ৰিংকু সিং!

অপেক্ষাৰ অৱসান ঘটিল, ভাৰতীয় দলৰ হৈ টি-২০ চিৰিজত খেলিবলৈ সাঁজু ৰিংকু সিং!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.