অসম লাইভ ২৪ঃ এতিয়াৰে পৰা ডিজিটেল কাৰেন্সীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব চৰকাৰে৷ ভাৰতত ক্ৰিপ্টকাৰেন্সীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ শীঘ্ৰেই ক্ৰিপ্টকাৰেন্সী বিল উত্থাপন কৰিব কেন্দ্ৰই৷ শীতকালীন অধিবেশনতেই Cryptocurrency and Regulation of Official Digital Currency Bill 2021 উত্থাপন কৰাৰ কথা মঙলবাৰে ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে৷ এই বিলত ৰিজাৰ্ভ বেংকৰ জৰিয়তে চৰকাৰী ডিজিটেল কাৰেন্সীত নিৱেশ আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা অন্তৰ্ভুক্ত কৰা হ’ব৷ এই সন্দৰ্ভত লোকসভাত সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিব৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই শ্বেয়াৰ মাৰ্কেটত দেখা যায় বৃহৎ নিম্নগামিতা৷ বিটকইন, শিবা ইনু, USDT, ৰিপ্পল, ইথেৰিয়াম আদি সকলো নিম্নমুখী হয়৷ উল্লেখ্য, এইবাৰ সংসদৰ শীতকালীন অধিবেশনত ২৯ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে, তাৰে ২৬ হ’ব নতুন বিধেয়ক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ