অসম লাইভ২৪ঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী আইন তথা CAA লাঘূ হ’ব বুলি পূৰ্বেও প্ৰতিশ্ৰুতি দিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে। কিন্তু এইবাৰ নিৰ্দিষ্ট সময়ো বান্ধি দিলে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে। আগন্তুক এসপ্তাহৰ ভিতৰতেই অসম, পশ্চিমবংগকে ধৰি দেশৰ অন্যান্য প্ৰান্তত কা’ বলবৎ কৰা হ’ব। কেন্দ্ৰীয় জাহাজ উপমন্ত্ৰী শান্তনু ঠাকুৰে এখন সভাত মন্তব্য ৰাখিবলৈ গৈ কয়, ‘সাত দিনৰ ভিতৰত কা’ লাঘু হ’ব। মই এই মঞ্চৰ পৰাই এই গেৰাণ্টি দিছো।’
নাগৰিকত্ব সংশোধনী আইনক লৈ কেন্দ্ৰৰ সৈতে বিৰোধীতাও আছে কেইবাখনো ৰাজ্যৰ। আৰম্ভণিৰে পৰা এই আইনৰ বিৰোধীতা কৰি আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও। বিৰোধিতা থাকিলেও এই বছৰেই কা বলবৎ কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেওবাৰে শ্বাহৰ সেই বাৰ্তাৰ কথাও প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনুৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ